Asaduddin Owaisi challenges Rahul Gandhi : কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্ৰমণ AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ

নেশ্যনেল ডেস্ক, ২৫ ছেপ্টেম্বৰ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীক প্ৰত্যাহ্বান AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ । দেওবাৰে হায়দৰাবাদত এখন ৰাজহুৱা সমাৱেশত অংশগ্ৰহণ কৰে AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে ৷ হায়দৰাবাদত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি AIMIM ৰ মুৰব্বীগৰাকীয়ে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক আক্ৰমণ কৰে(Asaduddin Owaisi challenges Rahul Gandhi to contest elections from Hyderabad) ৷
AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইচিয়ে দেওবাৰে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক প্ৰত্যাহ্বান জনায় কয় যে,কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে ২০২৪ৰ লোকসভা নিৰ্বাচনত ৱায়ানাদৰ পৰা নহয়, হায়দৰাবাদৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হওক।
আছাদুদ্দিন ওৱেইছিৰ সংসদীয় সমষ্টি হায়দৰাবাদত এখন ৰাজহুৱা সমাৱেশত ভাষণ দি কংগ্ৰেছ সাংসদগৰাকীলৈ এই প্ৰত্যাহ্বান আগবঢ়ায়(Asaduddin Owaisi challenges Rahul Gandhi) ।
লগতে AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে দলটোৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উত্তৰ প্ৰদেশৰ অযোধ্যাত থকা বাবৰি মছজিদ কংগ্ৰেছৰ শাসনত ভাঙি পেলোৱা প্ৰসংগ উত্থাপন কৰে।
আছাদুদ্দিন ওৱেইছিয়ে কয়, “মই আপোনালোকৰ নেতাক (ৰাহুল গান্ধী)ক প্ৰত্যাহ্বান জনাইছো ৱায়ানাদৰ পৰা নহয় হায়দৰাবাদৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হওক । আপুনি ডাঙৰ ডাঙৰ বক্তব্য দি থাকে ।হায়দৰাবাদলৈ আহি মোৰ বিৰুদ্ধে যুঁজ দিয়ক। কংগ্ৰেছৰ মানুহে বহু কথা ক’ব, কিন্তু মই সাজু ৷ কংগ্ৰেছৰ শাসনত বাবৰি মছজিদ আৰু সচিবালয়ৰ মছজিদ ভাঙি পেলোৱা হৈছিল ৷ “
চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া আগন্তুক ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত দুয়োটা দলে নেতৃত্ব দিবলৈ চেষ্টা চলাইছে তেলেংগানাত কংগ্ৰেছ আৰু AIMIMৰ মাজত তৰ্কযুদ্ধ । চলিত মাহৰ আৰম্ভণিতে তেলেংগানাৰ টুক্কুগুডাৰ বিজয়াভেৰী সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টি, ভাৰত ৰাষ্ট্ৰ সমিতি, আৰু AIMIM য়ে তেলেংগানাত একেলগে কাম কৰি আছে আৰু তেওঁৰ দলে এই সমূহৰ বিৰুদ্ধে যুঁজি আছে ।
ৰাহুল গান্ধীয়ে কৈছিল, “তেলেংগানাত কংগ্ৰেছ দলে বি আৰ এছৰ বিৰুদ্ধে নহয়, বি আৰ এছ, বিজেপি আৰু এ আই এম আই এমৰ সৈতে যুঁজিছে । তেওঁলোকে নিজকে বেলেগ বেলেগ দল বুলি কয় যদিও তেওঁলোকে ঐক্যবদ্ধভাৱে একেলগে কাম কৰি আছে ।”ৱায়ানাদৰ সাংসদগৰাকীয়ে লগতে দাবী কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক “নিজৰ মানুহ” বুলি গণ্য কৰাৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও বা AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ বিৰুদ্ধে চিবিআই-ইডিৰ কোনো গোচৰ নাই ।
লগতে পঢ়ক :Rahul Gandhi on upcoming election : লোকসভা নিৰ্বাচনত AIUDFৰ সৈতে মিত্ৰতা নকৰে কংগ্ৰেছে