Women’s quota bill: মহিলা সংৰক্ষণ বিধেয়ক বিৰুদ্ধে ভোটদান সন্দৰ্ভত AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিৰ প্ৰতিক্ৰিয়া
নেশ্যনেল ডেস্ক, ২৫ ছেপ্টেম্বৰ : AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইচিয়ে নাৰী শক্তি বন্দন অধিনিয়ম সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে(Womens quota bill) ।
লোকসভাত মহিলা সংৰক্ষণ বিধেয়কৰ বিৰুদ্ধে AIMIM দলৰ সাংসদে ভোটদান কৰাৰ কিছুদিনমানৰ পাছতে দেওবাৰে AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়ে কয় যে ‘ নাৰী শক্তি বন্দন অধিনিয়ামৰ বিৰোধিতা কৰা ভোটে “সংসদক স্তম্ভিত কৰি তুলিছে(AIMIM MP Owaisi on voting against passage of womens quota bill)।”
নিজৰ সংসদীয় সমষ্টি হায়দৰাবাদত ৰাজহুৱা সভাত ভাষণ দি এআইএমআইএমৰ সাংসদগৰাকীয়ে কয় যে, “বিজেপিৰ নেতাসকলে কৈয়েই থাকিল যে আমাৰ দুগৰাকী সাংসদে মহিলা সংৰক্ষণ বিধেয়কৰ বিৰুদ্ধে ভোটদান কৰিছে। কিন্তু, আমি সংসদক স্তম্ভিত কৰি তুলিলোঁ।”
উল্লেখ্য যে, হায়দৰাবাদৰ এখন ৰাজহুৱা সভাত ভাষণ দি সাংসদগৰাকীয়ে কয় যে, “বিজেপিৰ নেতাসকলে ক’লে যে আমাৰ দুগৰাকী সাংসদে মহিলা সংৰক্ষণ বিধেয়কৰ বিৰুদ্ধে ভোটদান কৰিছে । কিন্তু, আমি সংসদক স্তম্ভিত কৰি তুলিলোঁ ।””মুঠ ৪৫০ জন সাংসদে বিধেয়কখনৰ সপক্ষত ভোট দিলে আৰু কেৱল মাত্ৰ ২ জন সাংসদে বিধেয়কখনৰ বিৰুদ্ধে ভোট দিলে । এই সন্দৰ্ভত অধ্যক্ষই কয় যে, ওৱেইছি চাহাব, আপোনাৰ লগত কোনো নাই, মই উত্তৰ দিলোঁ, আল্লাহ মোৰ লগত আছে”(AIMIM MP Owaisi on voting against passage of womens reservation bill) ৷
লগতে সাংসদ গৰাকীয়ে মন্তব্য কৰে যে, বিজেপি আৰু কংগ্ৰেছ যে, একেলগে আছে সেই কথা সমগ্ৰ দেশক দেখুৱাই দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কেৱল তেওঁ অকলে হে যুঁজিছে । তেওঁ কয়, “মই সমগ্ৰ দেশক জনায় দিলো যে কংগ্ৰেছ আৰু বিজেপি একেলগে আছে আৰু সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছো একেলগ হৈ আছে । কেৱল মইহে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে যুঁজিছো আৰু আপোনালোক সকলোৱে একেলগে আছে ।”
লোকসভাৰ লগতে ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে ৩৩ % সংৰক্ষণৰ ব্যৱস্থা থকা মহিলা কোটা বিধেয়কখনে বৃহস্পতিবাৰে ৰাজ্যসভাত ২১৪ জন সদস্যৰ সমৰ্থনত লাভ কৰে ৷ কোনোৱেই বিধেয়কখনৰ বিপক্ষে ভোটদান নকৰিলে ।৪৫৪ টা ভোটৰ বৃহৎ সংখ্যাগৰিষ্ঠতাৰে গৃহীত হোৱাৰ লগে লগে এই বিধেয়কখনে লোকসভালৈ গৃহীত হয় ৷ মাত্ৰ ২ গৰাকী সাংসদে ইয়াৰ বিৰুদ্ধে ভোটদান কৰে । এই খচৰা আইনখনৰ বিৰোধিতা জনায় AIMIM ৰ সাংসদগৰাকীয়ে কয় যে, ইয়াত মুছলমান আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ মহিলাসকলৰ বাবে উপ-কোটাৰ ব্যৱস্থা নাই ।