Local, Vocal, Global

সৰুৰে পৰা ছঁবি আকি ভাল পোৱা গাঁৱৰ ল’ৰাজন আজি এজন সুদক্ষ ভাস্কৰ্য্যশিল্পী

সৰুৰে পৰা ছঁবি আকি ভাল পোৱা গাঁৱৰ ল’ৰাজন আজি এজন সুদক্ষ ভাস্কৰ্য্যশিল্পী ৷ যাৰ হাতৰ পৰসত প্ৰাণ পাই উঠে প্ৰতিখন ছঁবি. প্ৰতিটো মুৰ্তি ৷

এজন গাঁৱলীয়া ল’ৰা ৷ যিজন ল’ৰাই সৰুৰে পৰা ভাল পাইছিল ছঁবি আকি . ভাল পাইছিল মাটিৰে বিভিন্ন মুৰ্তি সাজি ৷ গাঁৱৰ এটি সাধাৰণ পৰিয়ালত জন্ম লোৱা সেই যুৱকজন আজি এজন সুদক্ষ ভাস্কৰ্য্যশিল্পী ৷ গাঁৱৰ বোকাপানী গচকি ডাঙৰ হোৱা শিল্পীজনৰ হাতৰ পৰসত প্ৰাণ পাই উঠে প্ৰতিখন ছঁৱি . প্ৰতিটো মুৰ্তি ৷ মহাপুৰুষ শংকৰদেৱৰ পৰা আৰম্ভ কৰি ড’ ভূপেন হাজৰিকা. ক’লাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা. জ্যোতিপ্ৰসাদ আগৰৱালা .  স্বৰ্গদেউ চাওলুং চুকাফালৈকে সকলো মুৰ্তিয়েই প্ৰাণ পাই উঠে সুদক্ষ শিল্পীজনৰ হাতৰ পৰসত ৷ ৰাজ্যৰ বিভিন্নপ্ৰান্তত এইজন শিল্পীয়ে নিজৰ প্ৰতিভা জিলিকাই তুলিবলৈ সক্ষম হৈছে ৷

নাম তেওঁৰ বিনোদ বৰা ৷ পিতৃ টংকেশ্বৰ বৰা আৰু মাতৃ কিৰণ বৰাৰ পুত্ৰ বিনোদ ৷ নগাঁও জিলাৰ ধিঙৰ আউনীআটী শাখা সত্ৰৰ এটি সাধাৰণ পৰিয়ালত   জন্মগ্ৰহন কৰা   বিনোদ বৰা আজি এজন সুদক্ষ ভাস্কৰ্য্যশিল্পী ৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ ধিঙৰ জ্যোতিশিক্ষা চিত্ৰাংকন বিদ্যালয়ত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰি গুৱাহাটী চাৰুক’লা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে বিনোদে ৷

সাধাৰণ পৰিয়ালৰ ল’ৰা হিচাপে প্ৰথম অৱস্থাত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও সকলো প্ৰত্যাহ্বান নেওচি আজি বিনোদে  এজন প্ৰতিষ্ঠিত ভাস্কৰ্য্যশিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ শেহতিয়াকৈ বিনোদে মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ তোৰণকে আদি কৰি বিভিন্ন চিত্ৰ ভাস্কৰ্য্যৰ কামত নিয়োজিত হৈ আছে ৷  আমিও আশা কৰিছো . জীৱনত বহু কষ্টৰ মাজেৰে আগুৱাই আহি এই সন্ধিক্ষণত উপনিত হোৱা বিনোদ আৰু আগুৱাই যাওঁক. সমাজত জিলিকি উঠক তেওঁৰ সুনিপুন ভাস্কৰ্য্যশিল্প ৷