Local, Vocal, Global

পবিতৰা অভয়াৰণ্যত এৰি দিলে দুষ্প্ৰাপ্য পক্ষী

পবিতৰা অভয়াৰণ্যত এৰি দিলে দুষ্কৃতি কাৰীৰ  কৱলৰ পৰা উদ্ধাৰ কৰা দুষ্প্ৰাপ্য পক্ষী

কন্টেইনমেন জ’নত থকা মৰিগাঁও জিলাত সম্প্ৰতি অব্যাহত আছে বিভিন্ন অসামাজিক কাৰ্যকলাপ ৷ চোৰ,ডকাইত,ড্ৰাগছ,ভাং আদিৰ   দৰে অপৰাধ মূলক কাৰ্যকলাপ দৈনিক বৃদ্ধি হৈ অহাৰ লগতে এই একাংশৰ চকু পশু পক্ষীৰ ওপৰত ৷

যোৱা কালি মৰিগাঁও জিলাৰ অন্তৰ্গত বৰচলা অঞ্চলৰ উদকটি নামৰ ঠাই খনৰ পৰা মৰিগাঁও জিলা বন বিভাগ আৰু বৰচলা আৰক্ষী চকীৰ এক যৌথ অভিযানত ২০ টা কৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ পক্ষী উদ্ধাৰ কৰিছিল মৰিগাঁও বন বিভাগে। আৰু আজি সেই দুষ্প্ৰাপ্য পক্ষী সমূহক মৰিগাঁও জিলা বন বিভিগে  পবিতৰা অভয়াৰণ্যৰ জলাশয়ত মুকলি কৰি দিয়ে।

এই দুষ্প্ৰাপ্য চৰাই সমূহ মুকলি কৰাত সহযোগীতা কৰে মৰিগাঁও জিলা বনাঞ্চলিক বিষয়া ,পবিতৰা অভয়াৰণ্য বনাঞ্চলিক বিষয়া আৰু পবিতৰা বন্যপ্ৰানী সমূহক অতিকৈ ভাল পোৱা পবিতৰা ইক ট্যুৰিজিম ডেভেলপমেণ্ট ছচাইটিৰ বিষয়ববীয়া সকলৰ সহযোগত আজি  এই দুষ্প্ৰাপ্য পক্ষী সমূহ সুস্থ আৰু অতি যতনেৰে  মুক্ত কৰি দিয়ে পবিতৰা অভয়াৰণ্যৰ জলাশয় সমুহত।