Local, Vocal, Global

গোলাঘাটত কপিকূল আৰু মানুহৰ মাজত ৰণ

গোলাঘাটত কপিকূল আৰু মানুহৰ মাজত ৰণ। এবাৰ কপিকুলে মানুহলৈ লক্ষ্য কৰি চোঁচা লয় আকৌ মানুহে খেদি যায় বান্দৰৰ দলটোক। গোলাঘাট নগৰৰ মাজমজিয়াত প্ৰায় চাৰি ঘন্টা ধৰি চলিল এই যুজঁ। কিন্তু কিয় মানুহ আৰু কপিকুলৰ মাজত এই তয়াময়া ৰণ। চাওঁ আহক এই প্ৰতিবেদন।

হয়- বিপদত পৰা এজন সতীৰ্থক উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা বান্দৰৰ দলটোৰ। গোলাঘাট নগৰৰ শ্যাম ফেঞ্চি ষ্ট’ৰৰ চাটৰ ওপৰত এটা বান্দৰ খাদ্যৰ সন্ধানত আহি বিপদত পৰিল। টিনপাতত লাগি থকা ৰছীত এখন ভৰি ফঁচী যোৱাৰ ফলত লৰচৰ কৰিব নোৱাৰা হ’ল বান্দৰটো। বিপদত পৰা কপিকুলক উদ্ধাৰৰ চেষ্টা কৰে এদল মানুহে।

কিন্তু মানুহক বিশ্বাসত লব নোৱাৰি বাৰে বাৰে খেদি আহে বান্দৰ দলটোৱে। এইদৰে প্ৰায় চাৰি ঘণ্টা ধৰি চলিল বান্দৰ আৰু মানুহৰ এই যুঁজ। অৱশেষত বনবিভাগে কৌশলেৰে উদ্ধাৰ কৰে ৰচীত ফঁচী থকা বান্দৰটোক। তেতিয়াহে শান্ত হয় গোলাঘাট নগৰত বাস কৰা কপিকূলৰ জাকটোৱে