Local, Vocal, Global

প্রশাসনে পদপথত ক’ভিড নিৰাময়ৰ বাবে গ্রহণ কৰা বিভিন্ন কার্যসূচীৰ মাজতে আশ্রিত লোকসকলক নিৰাপদ আশ্রয় প্রদানৰ এক কার্যসূচী গ্রহণ কৰিছে

প্রশাসনে পদপথত ক’ভিড নিৰাময়ৰ বাবে গ্রহণ কৰা বিভিন্ন কার্যসূচীৰ মাজতে আশ্রিত লোকসকলক নিৰাপদ আশ্রয় প্রদানৰ এক কার্যসূচী গ্রহণ কৰিছে ৷ কামৰূপ জিলা প্রশাসনে শুক্রেশ্বৰ ঘাট এলেকাৰ পৰা প্রায় ৩০জন পদপথত আশ্রিত লোকক বিভিন্ন বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আশ্রয়গৃহলৈ স্থানান্তৰ কৰে৷ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ নির্দেশত প্রশাসনৰ তৰফৰ পৰা জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত এই কার্য সম্পাদন কৰা হয়৷ উল্লেখযোগ্য যে স্থানান্তৰ কৰাৰ আগতে কৰা ক’ভিড পৰীক্ষাত কাৰোৰে শৰীৰত ক’ভিড–১৯ৰ উপস্থিতি পোৱা নগ’ল৷ আনহাতে, জিলাখনৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ বশিষ্ঠৰ পৰা জালুকবাৰীলৈকে ট্ৰাক ৰখোৱা স্থানবোৰত বুধবাৰে জিলা প্রশাসনে ক’ভিড পৰীক্ষাৰ এক কার্যসূচী সম্পন্ন কৰে৷ জিলা পৰিবহণ বিভাগৰ সহযোগত কৰা এই পৰীক্ষাত ৮৪জন লোকৰ ভিতৰত ৫জনৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰেl