Local, Vocal, Global

শিষ্টাচাৰৰ বণ্ডত চহী কৰিব লাগিব অৰ্ণৱ গোস্বামীয়ে

মুম্বাই আৰক্ষীৰ অভিযোগ পালঘৰ হত্যাকাণ্ড আৰু ১৪ আগষ্টত মুম্বাইৰ বান্দ্ৰা ষ্টেচনত হোৱা এক ভিৰক উদ্দেশ্যি সাম্প্ৰদায়িক মন্তব্য কৰি ৰোষৰ বলি হৈছে সাংবাদিক অৰ্ণৱ গোস্বামী। ৰিপাব্লিক টিভিৰ সাংবাদিক অৰ্ণৱ গোস্বামীৰ অভব্য আচৰণৰ বিৰুদ্ধে গোচৰ তৰিছে মুম্বাই আৰক্ষীয়ে। অতিশীঘ্ৰে সহকাৰী আৰক্ষী আয়ুক্তৰ সন্মুখত হাজিৰ হ’ব লাগিব অৰ্ণৱ গোস্বামী। বিগত সময়ছোৱাত দেখা গৈছিল সাংবাদিক অৰ্ণৱ গোস্বামীয়ে বিভিন্ন বিষয়বস্তুক কেন্দ্ৰ কৰি তাৰ গুণাগুণ দেখুৱাবলৈ চেষ্টা কৰে৷ আৰু এতিয়া সাংবাদিকগৰাকীৰ অভব্য আচৰণক কেন্দ্ৰ কৰি দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।