Local, Vocal, Global

আজি ভাৰত মিছাইল মানৱ এ. পি. জে. আব্দুল কালামৰ জন্মদিন

আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০  এ.পি.জে আব্দুল কালামৰ জন্মদিন। ২০১৫ত ৰাষ্ট্ৰসংঘই তেওঁৰ জন্মদিন ১৫ অক্টোৱৰত ‘বিশ্ব শিক্ষাৰ্থী দিৱস’ হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে৷ ১৫ অক্টোৱৰ ১৯৩১ চনত  তামিলনাডুৰ ৰামেশ্বৰমত জন্ম হয় প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে তেওঁ এজন এৰ’স্পেচ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন (DRDO) আৰু ভাৰতীয় মহাকাশ গৱেষণা সন্থাৰ (ইছৰ’) কাৰ্যনিৰ্বাহ কৰিছিল৷ আব্দুল কালাম ‘ভাৰত মিছাইল মানৱ’ হিচাপে জনাজাত আছিল৷ ১৯৭৪ চনৰ প্ৰথম নিউক্লিয়াৰ পৰীক্ষাৰ পিছত ১৯৯৮ চনত হোৱা ভাৰতৰ ‘পোখৰান-২’ পাৰমাণৱিক পৰীক্ষণত আব্দুল কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মুখ্য ভূমিকা পালন কৰিছিল৷

২০২০ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নয়নশীলৰ পৰা উন্নত দেশৰ মৰ্যাদালৈ লৈ যাবৰ বাবে ‘ইণ্ডিয়া-   ২০২০’ নামৰ পুথিখনৰ যোগেদি তেওঁৰ পৰিকল্পনাসমূহ জনগণৰ মাজলৈ আগবঢ়ায়৷ এই পুথিখনে দক্ষিণ কোৰিয়াৰ লগতে ভাৰততো অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে৷ আব্দুল কালাম ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি আছিল৷ তেওঁক জনগণৰ ৰাষ্ট্ৰপতি বুলি কোৱা হৈছিল৷ আব্দুল কালাম ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্নৰে’ বিভূষিত কৰা তৃতীয়জন ৰাষ্ট্ৰপতি৷ ইয়াৰ উপৰিও তেখেতৰ অৱদানৰ স্বীকৃতি স্বৰূপে পদ্মবিভূষণ, পদ্মভূষণৰ লগতে বিভিন্ন উপাধিৰে সন্মানিত কৰা হয়।