ফিলিপাইনছত সেনাবাহিনীৰ বিমান দুৰ্ঘটনাত কমেও ২৯ জন সৈনিক আৰু ২ জন অসামৰিক লোকৰ মৃত্যু

ফিলিপাইনছত সেনাবাহিনীৰ বিমান দুৰ্ঘটনাত কমেও ২৯ জন সৈনিক আৰু ২ জন অসামৰিক লোকৰ মৃত্যু
জানিব পৰা মতে বিমান খন অৱতৰণ কৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয় আৰু দাওদাওকৈ জ্বলি উঠে বিমান খন।
দেশখনৰ চৰকাৰী সূত্ৰই জনোৱা মতে জ’ল দ্বীপৰ চুলু প্ৰদেশত সন্ত্ৰাস দমনত নিয়োজিত যৌথ বাহিনীৰ সহায়ৰ বাবেই সৈনিক সকলক লৈ যোৱা হৈছিল। চি-১৩০ হাৰকিউলিছ বিমানখন ৰানৱে’ত অৱতৰন কৰিবলৈ লওঁতেই জ্বলি উঠে।
উল্লেখযোগ্য যে চলিত বৰ্ষত সামৰিক সাহায্য হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ বায়ু সেনাবাহিনীৰ দুখন বিমান ফিলিপাইনছক দিছিল আৰু দুৰ্ঘটনাত পতিত বিমানখন আছিল তাৰেই এখন বিমান।