Local, Vocal, Global

নাগালেণ্ডৰ পৰা উদ্ধাৰ কৰিলে ৰঙিয়াৰ পৰা চুৰি হোৱা গাড়ী

নাগালেণ্ডৰ পৰা উদ্ধাৰ কৰিলে ৰঙিয়াৰ পৰা চুৰি হোৱা গাড়ী । ৰঙিয়া আৰক্ষীৰ এক বৃহৎ সফলতা । গাড়ী চুৰীৰ বৃহৎ চক্ৰ এটাৰ পৰা উদ্ধাৰ কৰিলে ৰঙিয়াৰ পৰা ভাড়া লৈ চুৰি কৰা গাড়ী । উদ্ধাৰ হোৱা গাড়ীখনৰ পঞ্জীয়ন নম্বৰ হল AS25CC7481,গাড়ীখনৰ গৰাকী হল ৰঙিয়াৰ ওচৰৰ মাদৈকটাৰ মস্তাফা আহমেদ ।দুদিন পূৰ্বে ৰঙিয়া আৰক্ষীয়ে গাড়ী চুৰীৰ লগত জড়িত 4জন লোকক আটক কৰিছিল ।

গাড়ী চুৰি ব্যৱসায়ৰ লগত জড়িত আটকাধীন লোক কেইজনৰ পৰা সোধা পোচ কৰে ৰঙিয়া আৰক্ষীয়ে । সেই সূত্ৰে ,DGP ৰ নিৰ্দেশ অনুসৰি কামৰূপ জিলা আৰক্ষী অধীক্ষক ,ৰঙিয়া মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দলে অভিযান চলায় নাগালেণ্ডৰ কহিমাত । মণিপুৰত বিক্ৰী হোৱা গাড়ী খন কহিমালৈ লৈ আহি থকা অৱস্থাত অভিযানত যোৱা সঁজাতি দলটোৱে উদ্ধাৰ কৰে গাড়ীখন কিন্তু গাড়ীখনত থকা ব্যক্তি গৰাকীক আটক কৰিব সক্ষম নহল ।

উল্লেখযোগ্য যে ৰঙিয়াৰ যুৱ ব্যৱসায়ী মস্তাফা আহমেদ নামৰ ব্যৱসায়ী জনৰ পৰা সঞ্জীৱ সিংহ নামৰ লোক জনে মস্তাফাৰ বলেৰ ভান খন মাহিলী 28 হাজাৰ টকাকৈ ভাড়াত লৈছিল ।ভাড়াত লোৱা বুলি গাড়ী খন মণিপুৰত বিক্ৰী কৰিছিল সঞ্জীৱ সিঙে ।যোৱা 11-5-2021তাৰিখে সঞ্জীৱ সিঙে ভাড়াত লৈছিল গাড়ী খন ।ধৃত সঞ্জীৱ সিঙে এনেকুৱাকৈ বহু কেইখন গাড়ী ভাড়া লোৱা বুলি বিক্ৰী কৰি আহিছে বুলি জানিব পৰা গৈছে ।