Local, Vocal, Global

দুবছৰৰ মূৰে মূৰে বদলি হ’ব প্রত্যেকখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া

দুবছৰৰ মূৰে মূৰে বদলি হ’ব প্রত্যেকখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া

প্ৰতি দুবছৰৰ মূৰে মূৰে বদলি হ’ব থানাৰ ভাৰপ্ৰাপ্ত বিষয়া।
অসমৰ আইন-শৃংখলাক পূৰ্বতকৈয়ো সৱল কৰি তুলিবলৈ ক্ৰমাৎ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। এতিয়াৰে পৰা অসম আৰক্ষীক অতি শীঘ্ৰেই নতুন ৰূপত দেখা পাব জনতাই । আনহাতে থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলিৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব DGP আৰু SP য়ে।

উল্লেখযোগ্য যে আজি মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক। ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে এই বৈঠক মুখ্যমন্ত্ৰীগৰাকীৰ।

কেৱল এয়াই নহয় ধৰ্ষণকাৰীৰ বিৰুদ্ধেও কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি ধৰ্ষণকাৰীৰ চোৱা নহ’ব কোনোধৰণৰ জাতি। ৬ মাহৰ ভিতৰতে ধৰ্ষণকাণ্ডৰ চার্জচিত দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিলে থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াক।