Local, Vocal, Global

Kiren Rijiju Removed Law Minister : কিৰেন ৰিজিজুক আঁতৰাই আৰ্জুন ৰাম মেঘৱালক দিয়া হ’ল আইন দপ্তৰ

নিউজ ডেস্ক, ১৮ মে’ : কেন্দ্ৰীয় আইন মন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱা হ’ল কিৰেণ ৰিজিজুক । আইন মন্ত্ৰী হিচাপে নতুনকৈ নিয়ুক্তি দিয়া হৈছে সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আৰ্জুন ৰাম মেঘৱালক ।

ৰাষ্ট্ৰপতি ভৱনৰ পৰা ১৮ মে’ত প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা অনুসৰি, কিৰেন ৰিজিজুক আইন দপ্তৰৰ পৰা আঁতৰাই নতুনকৈ ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে ।

২০২১ চনৰ ৮ জুলাইত ৰিজিজুৱে আইন আৰু ন্যায় মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল । ইয়াৰ পূৰ্বে ২০১৯ চনৰ মে’ৰ পৰা ২০২১ চনৰ জুলাইলৈকে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰিজিজুৱে ।লগতে পঢ়ক:Junmoni rabha death: প্ৰত্যক্ষদৰ্শীৰ ভাষ্যই অধিক ৰহস্যৰ আৱৰ্তত ৰাখিছে জোনমণিৰ মৃত্যুক