Local, Vocal, Global

Sarita Toshniwal murder case: ডাঃ সৰিতা তাস্নিৱাল হত্যাকাণ্ডৰ দোষী কিৰো মেছক যাৱজ্জীৱন কাৰাদণ্ড

ডিব্ৰুগড়, ১৮ মে’ : আজি অৰ্থাৎ বৃহস্পতিবাৰ ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে ডাঃ সৰিতা তাস্নিৱাল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা কৰিলে । বুধবাৰে এই ঘটনাৰ চূড়ান্ত ৰায় দিছিল আদালতে । তাৰ এদিন পাছতেই হত্যাকাণ্ডত দোষী সাব্যস্ত হোৱা কিৰো মেছক যাৱজ্জীৱন কাৰাদণ্ডৰে শাস্তি ঘোষণা কৰে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে(The court sentenced life imprisonment) ।

উল্লেখ্য যে সুদীৰ্ঘ ৯ বছৰৰ অন্তত ডাঃ সৰিতা তাস্নিৱাল হত্যাকাণ্ড গোচৰত বুধবাৰে ৰায়দান দিছিল ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে । গোচৰৰ ৰায়দানত ডাঃ সৰিতা তাস্নিৱালৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দৰ্ভত অভিযুক্ত কিৰু মেছক দোষী সাব্যস্ত কৰা হৈছিল (Dibrugarh court convicts AMCH ward boy Kiro Mech)। আনহাতে গোচৰৰ অভিযুক্ত চিকিৎসক দীপমনি শইকীয়াক দোষমুক্ত ঘোষণা কৰিছিল সত্ৰ ন্যায়াধীশৰ আদালতে ।

২০১৪ ৰ ৯ মে’ত সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ডটোৰ বুধবাৰে চূড়ান্ত ৰায়দানৰ পিছতেই ৱাৰ্ডবয় কিৰু মেছৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ড হ’ব তাৰ চুড়ান্ত শুনানি আজি অৰ্থাৎ বৃহস্পতিবাৰে ঘোষণা কৰে (Dr Sarita Toshniwal murder case)।

উল্লেখযোগ্য যে কনিষ্ঠ চিকিৎসক ডাঃ সৰিতা তাস্নিৱালৰ মৃতদেহ ২০১৪ চনৰ ১০ মে’ত অসম চিকিৎসা মহাবিদ্যালয়ৰ আৰু হাস্পতালৰ স্ত্ৰী ৰোগ আৰু প্ৰসূতি চিকিৎসা বিভাগৰ আই চি ইউত উদ্ধাৰ হৈছিল (Dr Sarita Tasniwal was killed in ICU of Assam Medical College) । ২০১৪ চনৰ ৯ মে’ৰ নিশা অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি ৰোগ বিভাগৰ আইচিইউত কৰ্তব্যৰত অৱস্থাত ডাঃ সৰিতা তাস্নিৱালক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।

ইয়াৰ পাছতে চিকিৎসক ডাঃ দীপমণি শইকীয়া আৰু ৱাৰ্ড বয় কিৰু মেছক আটক কৰি তদন্ত চলাইছিল ডিব্ৰুগড়ৰ আৰক্ষীয়ে । কিন্তু অৱশেষত এই ঘটনাৰ লগত জড়িত চিকিৎসক ডাঃ দীপমণি শইকীয়াক বুধবাৰে দোষমুক্ত বুলি ঘোষণা কৰিলে ডিব্ৰুগড়ৰ সত্ৰ ন্যায়াধীশ আদালতে (Dibrugarh District and Session Judge Court) ।

লগতে পঢ়ক : Sarita Toshniwal murder case: সুদীৰ্ঘ ৯ বছৰৰ অন্তত ডাঃ সৰিতা তাস্নিৱালৰ হত্যাকাণ্ড গোচৰৰ ৰায়দান, কিৰু মেছক দোষী সাব্যস্ত