Local, Vocal, Global

Minor girl raped by cousin: দুই ভাতৃয়ে উপৰ্যুপৰি ধৰ্ষণ কৰিলে এগৰাকী নাবালিকাক

গহপুৰ, ১৮ মে’ : দুই পাষণ্ডৰ যৌন কামনাৰ বলি হ’ল এগৰাকী নাবালিকা (Girl raped by brothers) । ১৪ বছৰীয়া নাবালিকাগৰাকীক হেলেমৰ গোশালাৰ সমীপৰ ৰাখাল খুঁটিস্থিত এদৰা জংঘলত উপৰ্যুপৰি ধৰ্ষণ কৰে । এই অনৈতিক কাৰ্যত জড়িত থকাৰ অভিযোগত দুই অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

ঘটনাৰ বিৱৰণি অনুসৰি, মঙলবাৰে বিয়লি ৪ মান বজাত এগৰাকী ১৪ বছৰীয়া নাবালিকাক বিহালীৰ বিহমাৰীৰ সম্বন্ধীয় ভায়েক এজনে ঘৰলৈ বুলি লৈ গৈছিল । কাউৰীপথাৰৰ মঙলবৰীয়া সাপ্তাহিক বজাৰৰ পৰা বাহিৰে বাহিৰে ঘৰলৈ নিনি গোশালাৰ সমীপৰ ৰাখালখুঁটিৰ এটুকুৰা জংঘলত আৱদ্ধ কৰি ৰাখেগৈ ।

ইয়াৰ পিছতে লম্পট ভায়েকটোৱে সেই স্থানতে নিজে সুৰাপান কৰাৰ লগতে নাবালিকাগৰাকীকো সুৰাপান কৰিবলৈ বাধ্য কৰে আৰু বলপূৰ্বক ধৰ্ষণৰ চেষ্টা চলায় (Girl raped under influence of alcohol) । লগতে লম্পটটোৱে ভাতৃ সম্পৰ্কীয় আন এটা লম্পটকো সেই স্থানলৈ মাতি আনে আৰু দুয়ো মিলি কিশোৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰে ।

দুই লম্পটৰ যৌন আতিশয্যত নাবালিকাগৰাকী ঘটনাস্থলীতে সংজ্ঞাহীন হৈ পৰে আৰু সংজ্ঞাহীন হৈ পৰা নাবালিকাগৰাকীক সেই স্থানতে এৰি তাৰ পৰা দুই লম্পটে পলায়ন কৰে ।

বহু সময়ৰ পিছত নাবালিকাগৰাকীৰ সংজ্ঞা ঘূৰি অহাত তেওঁ জংঘলৰ মাজেৰে প্ৰায় ২/৩ কিলোমিটাৰ গৈ এটা বস্তিৰ এঘৰত উপস্থিত হৈ ঘটনাৰ সবিশেষ বিৱৰি কয় । ইয়াৰ পিছতে মানুহঘৰে নাবালিকাগৰাকীৰ পৰিয়ালৰ লগত যোগাযোগ কৰি কথাখিনি জানিবলৈ দিয়ে ।

পৰৱৰ্তী সময়ত নাবালিকাগৰাকীৰ পিতৃয়ে হেলেম আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে (Case registered at Helem police station)। ইয়াৰ পিছতে গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া শোভন দাসৰ নেতৃত্বত হেলেম আৰক্ষী আৰু বিহালী আৰক্ষীৰ এটা দলে অভিযান চলাই দুই লম্পটক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ইফালে এই অমানৱীয় কাণ্ডৰ লগত জড়িত দুই লম্পটক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Junmoni rabha death: প্ৰত্যক্ষদৰ্শীৰ ভাষ্যই অধিক ৰহস্যৰ আৱৰ্তত ৰাখিছে জোনমণিৰ মৃত্যুক