Local, Vocal, Global

Junmoni rabha death: প্ৰত্যক্ষদৰ্শীৰ ভাষ্যই অধিক ৰহস্যৰ আৱৰ্তত ৰাখিছে জোনমণিৰ মৃত্যুক

নিউজ ডেস্ক, ১৮ মে’ : সম্প্ৰতি ৰাজ্যত সবাতোকৈ চৰ্চিত হৈ পৰা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই আন এক গতি লাভ কৰিছে। আৰক্ষীৰ বিষয়া গৰাকীৰ দুৰ্ঘটনাত মৃত্যু হ’ল নে ই এক পৰিকল্পিত হত্যাকাণ্ড সেই কথা স্পষ্ট ন’হলেও এগৰাকী প্ৰত্যক্ষদৰ্শী ভাষ্যই এই ঘটনাক আৰু অধিক ৰহস্য আৱৰ্তলৈ লৈ গৈছে (junmoni rabha controversy)।

বুধবাৰে এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ ভাষ্য অনুসৰি, দুৰ্ঘটনাস্থলীত বহুসময় ধৰি ৰখাই থোৱা আছিল জোনমণি ৰাভাৰ বাহন। বাহনখন ৰখাই থোৱা সময়তে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে জোনমণিৰ বাহনখনত খুন্দা (sub-inspector of assam police killed in a road accident)।

এই সন্দৰ্ভত যুৱকগৰাকীয়ে কয় যে, নিশা প্ৰায় ১:৩০ বজাত তেওঁ গুৱাহাটীৰ পৰা আহি আছিল আৰু টোপনি অহাৰ বাবে জখলাবন্ধাত কিছু সময় জিৰণি লোৱাৰ সিদ্ধান্ত লৈছিল। নিজ বাহনৰ পৰা ওলাই পথৰ কাষৰ এখন দোকানলৈ যোৱাৰ সময়তে তেওঁ ৰখাই থোৱা আন এখন বাহন দেখা পাইছিল বুলি যুৱকগৰাকীয়ে লগতে উল্লেখ কৰে ।

তেনে সময়তে এখন ট্ৰাকে ইচ্ছাকৃতভাৱে ৰখাই থোৱা বাহনখনত সন্মুখৰ পৰা খুন্দা মাৰে বুলি আন এক চাঞ্চল্যকৰ ভাষ্য প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শী যুৱক গৰাকীয়ে । লগতে তেওঁ ট্ৰাকখনে খুন্দা মৰাৰ পূৰ্বে পৰা ক’লা পেণ্ট আৰু জোতা পৰিহিত এগৰাকী যুৱক নামি গৈছিল ।

প্ৰথমে ঘটনাস্থলীলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল যদিও পৰৱৰ্তী সময়ত আৰক্ষীলোক ঘটনাস্থলীত দেখি সেই প্ৰত্যক্ষদৰ্শী গৰাকীও কাষ চাপি গৈছিল । কিন্তু জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে তেওঁক আঁতৰি যাবলৈ নিৰ্দেশ দিয়াৰ বাবে তেওঁ সেই স্থানৰ পৰা আঁতৰি যায় বুলি জানিবলৈ দিছে প্ৰত্যক্ষদৰ্শী যুৱকগৰাকীয়ে।

ইয়াৰ পূৰ্বে জোনমণিৰ পৰিয়াল আৰু একাংশ শুভাকাংক্ষীয়ে জোনমণিৰ মৃত্যুত সন্দেহ প্ৰকাশ কৰি এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি আহিছে । এনে দাবীৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ চি আই ডি তদন্তৰ নিৰ্দেশ দিয়া হৈছে। এনে সময়তে প্ৰত্যক্ষদৰ্শী যুৱকগৰাকীৰ ভাষ্যই এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত আনি দিয়া নতুন ইংগিতে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক:Junmoni Rabha death investigation: জখলাবন্ধাত অসম আৰক্ষীৰ অনুসন্ধান শাখাৰ দল