Local, Vocal, Global

অৰ্চনা মহন্তৰ অন্তিম যাত্ৰা…

১৯৪৮ চনত গুৱাহাটীৰ উলুবাৰীত জন্মগ্ৰহণ কৰিছিল অৰ্চনা মহন্তই। আধুনিক গীতৰ লগতে লোকগীত,বৰগীত আৰু বিহুগীতৰ মাজেদি শ্ৰোতাৰ অন্তৰত সুকীয়া স্থান দখল কৰিছিল বৰেণ্য শিল্পীগৰাকীয়ে। ১৯৬৫ চনত গণশিল্পী প্ৰয়াত খগেন মহন্তৰ সৈতে বিৱাহ পাশত আৱদ্ধ হৈছিল। ১৯৬৬ চনত আকাশবাণীৰ নিয়মীয়া শিল্পীৰ স্বীকৃতি লাভ কৰিছিল অৰ্চনা মহন্তই। আকাশবাণীত তেওঁৰ কন্ঠৰ প্ৰথমটো গীত আছিল ‘সুৰৰ আকাশতে’। বহুকেইখন অসমীয়া ছবিত নেপথ্য কন্ঠশিল্পীৰূপে অনন্য অবদান আগবঢ়াই গৈছে শিল্পীগৰাকীয়ে। ‘মাটিৰ স্বৰ্গ’ নামৰ অসমীয়া কথাছবিখনত অভিনয়ো কৰিছিল অৰ্চনা মহন্তই।ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ ১৪ জুলাইৰ পৰা চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী। বৃহস্পতিবাৰে পুৱা মহানগৰীৰ হে’ল্থ চিটী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।

অৰ্চনা মহন্তৰ বিয়োগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰমুখ্যে বিভিন্ন ব্যক্তি, দল-সংগঠনৰ শোক প্ৰকাশ। নিগাজী পামৰ বাসগৃহত শোকাকুল পৰিৱেশত শিল্পীগৰাকীক শেষ বিদায় আত্মীয়-স্বজনৰ। ৰবীন্দ্ৰ ভৱনত গুণমুগ্ধৰ অন্তিম বিদায়ৰ পিছত নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন অৰ্চনা মহন্তৰ। শিল্পীগৰাকীৰ নশ্বৰ দেহত মুখাগ্নী কৰে তেওঁৰ সুযোগ্য পুত্ৰ তাৰকা শিল্পী অংগৰাগ পাপন মহন্তই। শিল্পীগৰাকী পঞ্চভূতত বিলীন হোৱাৰ লগে লগে যেন অৱসান ঘটিল অসমীয়া সংগীতৰ এক বৰ্ণাঢ্য যুগৰ।