Local, Vocal, Global

চিৰাঙত পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ ভাণ্ডাৰ

বিটিএডিত অব্যাহত আছে অবৈধ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ অভিযান। বৃহস্পতিবাৰে চিৰাঙৰ বিজনীত পুনৰ AK-56 ৰাইফলসহ বৃহৎ পৰিমাণৰ গুলি আৰু অবৈধ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে। চিৰাঙৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে প্ৰকাশ কৰা মতে, এক বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে পুৱতি নিশা চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত আৰু বিজনী মহকুমা আৰক্ষী বিষয়া লগতে বিজনী থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলায়।

বিজনী থানাৰ অন্তৰ্গত লাডানগুৰী-ছুবাইঝাৰ গড়কাপ্তানী পথৰ ১নং উত্তৰপাৰা গাঁৱৰ জংঘলত প্লাষ্টিকেৰে মেৰিয়াই মাটিৰ তলত পুতি থোৱা অৱস্থাত দুটা অত্যাধুনিক AK-56 ৰাইফল , ৩টা মেগজিন, AKছিৰিজৰ ১৬৭ জাঁই সজীৱ গুলী, ইনছাচ ৰাইফলৰ ৭জাঁই সজীৱ গুলী উদ্ধাৰ কৰে। অভিযানকালত এই সংক্ৰান্তত কোনো লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও বিজনী থানাত আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছে।