Local, Vocal, Global

এপিএছচিৰ প্রাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা

অসম লোকসেৱা আয়োগে ২০২০ বর্ষত অনুষ্ঠিত কৰা সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ প্রাৰম্ভিক পৰীক্ষাৰ ফলাফল শুকুৰবাৰে ঘোষণা কৰিছে৷ চলিত বর্ষৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত এই পৰীক্ষাৰ বাবে আবেদন জনাইছিল ৭৫,৮০৬গৰাকী প্রার্থীয়ে ৷

আনহাতে পৰীক্ষাত অৱতীর্ণ হৈছিল ৩৭,৬২২গৰাকী পৰীক্ষার্থীয়ে ৷ ৰাজ্যৰ ১১খন জিলাত অনুষ্ঠিত এই পৰীক্ষাত আজি ঘোষিত ফলাফল অনুসৰি ৪,০১৭গৰাকী প্রার্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অর্জন কৰিছে ৷

উল্লেখ্য যে এ চি এছ আৰু এ পি এছ মুঠ ৩৩১টা পদৰ বাবে লোকসেৱা আয়োগে এই পৰীক্ষাৰ আয়োজন কৰিছে ৷