Local, Vocal, Global

কাৰাগাৰত মৃত্যুৰে যুঁজিছে সাংবাদিক ঝাং ঝানে

চীনৰ য়ুহান চহৰত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বার্তা লাভ কৰাৰ পিছতে খবৰ সংগ্রহ কৰিবলৈ চহৰখনত উপস্থিত হৈছিল এগৰাকী সাংবাদিক ৷ ক’ৰোনাৰ সংক্রমণ প্রথম য়ুহানত হোৱাৰ খবৰ বিশ্ববাসীৰ নজৰলৈ আনিছিল এই সাংবাদিকগৰাকীয়ে ৷ সাংবাদিকগৰাকীৰ প্রতিবেদনত পোহৰলৈ আহিছিল প্রশাসনৰ উদাসীনতাৰ তথ্য ৷ সেয়াই আছিল সাংবাদিকগৰাকীৰ অপৰাধ ৷ ৩৮ বছৰীয়া সাংবাদিক তথা প্রাক্তন অধিবক্তা ঝাং ঝান এতিয়া এই অপৰাধৰ বাবেই মৃত্যুৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

২০২০ৰ মে’ মাহৰ পৰা ছাংহাইৰ কাৰাগাৰত বন্দী হৈ আছে ঝাং ৷ আদালতে দোষী সাব্যস্ত কৰি ঝাঙক চাৰি বছৰৰ কাৰাদণ্ডৰ ৰায় শুনাইছে ৷ ইয়াৰ প্রতিবাদত কাৰাগাৰৰ অভ্যন্তৰতে আমৰণ অনশন চলাই আছে ঝাঙে ৷ এবছৰৰো অধিককাল ধৰি অনশন চলাই থকা ঝাঙৰ স্বাস্থ্যৰ চৰম অৱনতি ঘটিছে ৷ শেহতীয়াকৈ ঝাঙৰ ভাতৃয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, কম দিনৰ ভিতৰতে ঝাঙে মৃত্যুক আদৰি ল’ব লগা হ’ব ৷