অসম মন্ত্রীসভাৰ এবছৰলৈ সম্প্রসাৰণ নহয়
ছমাহ পূর্তিৰ প্রাক্ক্ষণত মন্ত্রীসভাৰ সম্প্রসাৰণ সদ্যহতে নহয় বুলি শুকুৰবাৰে স্পষ্ট কৰি দিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ কামাখ্যা মন্দিৰত এক অনুষ্ঠানত অংশ ল’বলৈ যোৱা মুখ্যমন্ত্রীগৰাকীয়ে সাংবাদিকৰ আগত এই কথা উল্লেখ কৰি কয়– এতিয়াই মন্ত্রীসভাৰ সম্প্রসাৰণৰ কথা ভবা নাই ৷ সৰু টীম এটাই কাম কৰি আছে৷ চাওচোন কি হয় এবছৰলৈ এই চৰকাৰখনে কাম কৰি যাব ৷
ইফালে ৰাজ্যৰ নিগম–নিকায়সমূহৰ্ অধ্যক্ষ নিযুক্তি দিয়াৰ প্রসংগত মুখ্যমন্ত্রীগৰাকীয়ে কয়– পূর্বতে নিগম–নিকায়ৰ লগত জড়িত থকা বহুকেইজনে দলীয় দায়িত্ব পাইছে ৷ সেয়েহে তেওঁলোকৰ স্থানত নতুনক দায়িত্ব দিয়া হৈছে ৷ তদুপৰি নিগম–নিকায়সমূহত যাতে এটা নতুনত্ব আহে, তাৰ বাবে আমি সকলোৱে চিন্তা কৰিব লাগিব ৷ মোৰ এটাই উদ্দেশ্য যে প্রতিটো নিগম–নিকায় যাতে লাভৱান হয়, ইয়াৰে কর্মচাৰীয়ে যাতে সম্পূর্ণকৈ দৰমহা পায় ৷
নিগম–নিকায়ৰ সম্পদসমূহ যাতে উচিত ব্যৱহাৰ হয়, তাৰ বাবে আমি কাম কৰিব লাগিব ৷ মুখ্যমন্ত্রীয়ে কালি ইয়াকো উল্লেখ কৰে যে প্রতিটো নিগম–নিকায়ে যাতে লাভজনক হয়, তাৰ বাবে অহা মাহত বিষয়াসকলৰ সৈতে এক পর্যালোচনা চলাব ৷