Local, Vocal, Global

ভুৱা চিকিৎসা বিল কেলেংকাৰীত ৮ জনকৈ বিদ্যুত বিভাগৰ কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন

ৰঙিয়াত ভুৱা চিকিৎসা বিল কেলেংকাৰীত জৰিত ৮ জনকৈ বিদ্যুত বিভাগৰ   বিষয়া – কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন । গোচৰ ৰুজু ।

অসম শক্তি বিতৰন কোম্পানী চমুকৈ APDCL ৰ ৰঙিয়াৰ তিনিটাকৈ কাৰ্য্যালয়ৰ ৮ জনকৈ বিষয়া কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে । ৰাজ্যৰ কেইবাটাও কাৰ্য্যালয়ৰ লগতে ৰঙিয়াটো এইখকল কৰ্মচাৰীয়ে ভুৱা চিকিৎসা বিল জমা কৰি বিভাগটোৰ পৰা একোগৰাকী কৰ্মচাৰীয়ে ৪ লাখৰ পৰা ১১ লাখ টকালৈ আদায় কৰিছিল ।

বিষয়টো বিদ্যুত বিভাগৰ মূখ্য কাৰ্য্যালয়ৰ দৃষ্টিগোচৰ হোৱাত অতি গোপন ভাবে তদন্ত আৰম্ভ কৰিছিল বিভাগটোয়ে । বিভাগীয় তদন্তত ৰাজ্যৰ বিভিন্ন ঠাইত কৰ্মৰত কেইবাজনো বিষয়া কৰ্মচাৰীয়ে   একাংশ দালালৰ সহযোগ ভুৱা চিকিৎসা বিলৰ দ্বাৰা লাখ লাখ টকা উলিয়াই নিয়াটো নিশ্চিত হয় । লগে লগে বিভাগটো উচ্চপদস্থ বিষয়াৰ নিৰ্দেশ মতে এনেদৰে ভুৱা চিকিৎসা বিলৰ দ্বাৰা ধন উলিয়াই নিয়া বিষয়া কৰ্মচাৰী সকলক নিলম্বন কৰা হয় ।

ঠিক তেনেদৰে ৰঙিয়াৰ ২ নং ৰঙিয়া বৈদ্যুতিক সংমণ্ডলৰ কণিষ্ঠ অভিযন্তা জ্যোতিষ ডেকা, উচ্চবৰ্গৰ সহায়ক যতীন বৈশ্য, লাইন মেন ক্ৰমে মহাদেৱ ৰাজবংশী, নুৰুদ্দিন আলী, জাফাৰ আলী, ৰবিন মেধী, সহকাৰী মহা প্ৰৱন্ধকৰ কাৰ্যালয়ৰ উচ্চবৰ্গৰ সহায়ক উমেশ দাস, ১ নং ৰঙিয়া বৈদ্যুতিক সংমণ্ডলৰ সহায়ক বিশ্বজিৎ বৰ্মণক নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে । নিলম্বন কৰা বিষয়া কৰ্মচাৰী কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰৰ বাবে মুখ্য কাৰ্য্যালয়ৰ পৰা নিৰ্দেশ দিয়ে ।লগে ৰঙিয়া সহকাৰী মহা প্ৰৱন্ধক দিগন্ত ডেকাই আটাইকেইজন কৰ্মচাৰীৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰে

। ৪২০, ৪০৯, ৪৬৮ আৰু ৪৭১ নম্বৰৰ চাৰিটাকৈ জামিন বিহীন গোচৰ ৰুজু হোৱাৰ পিচত আটাইকেইজন অভিযুক্ত কৰ্মচাৰী পলায়ন কৰিছে বুলি জানিব পৰা গৈছে