Local, Vocal, Global

চিকিৎসাধীন হৈ থকা এজন ৰোগীক আৰক্ষীৰ প্ৰহাৰত মৃত্যু

গোলাঘাট কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি । চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা এজন ৰোগীক আৰক্ষীৰ প্ৰহাৰত মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উথাপন ।  এই ঘটনাক কেন্দ্ৰ কৰি নিশা গোলাঘাটত এক উত্তেজনাময় পৰিস্থিতি । গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল কমাৰ গাঁৱৰ অৰবিন্দ শইকীয়া নামৰ লোকজন ।

মঙলবাৰে বিয়লি ভৰি ফুলি যোৱাৰ বাবে পৰিয়ালে চিকিৎসালয়ত ভৰ্তি কৰাইছিল । গোলাঘাটৰ চিকিৎসালয়ত বিশেষ চিকিৎসা নকৰি যোৰহাট মেডিকেললৈ ৰেফাৰ কৰিছিল  চিকিৎসকে । পৰিয়ালৰ লোকে যোৰহাট নিবলৈ টকা আনিবলৈ বুলি ঘৰলৈ গৈছিল । তেতিয়াই সংঘটিত হল ঘটনাটো ।

ৰোগী   অৰবিন্দ শইকীয়াই চিকিৎসালয়ত উৎপাত কৰাৰ লগতে খঙতে এডোখৰ ইটা দাঙি লৈছিল বুলি অভিযোগ । এই খবৰ দিয়া হয় চিকিৎসালয়ৰ চৌহদত থকা আৰক্ষী চাউনীত । আৰক্ষী উপস্থিত হৈ অৰবিন্দ শইকীয়াক লাঠিৰে কোবাই দুডাল লাঠি ভাঙি দিয়ে বুলিও অভিযোগ পৰিয়ালৰ

উক্ত অভিযোগ খণ্ডন কৰি আৰক্ষীয়ে জনায় তেওঁলোকে এচাটো মাৰ পিট কৰা নাই আৰক্ষী দেখি ভয়তে দৌৰি চিকিৎসালয়ৰ বাহিৰলৈ ওলাই গৈ ৰাজপথত ৰখাই থোৱা এখন গাড়ীত খুন্দা মাৰি  মৃত্যু হোৱা বুলি কয় আৰক্ষীয়ে।