ধ্বংস হ’ব ওলাইছে আন এক মুছলমান ৰাষ্ট্ৰ!
ডিজিটেল ডেস্ক:- আন এখন মুছলমান ৰাষ্ট্ৰ পাকিস্তানৰ দৰে হ’বলৈ গৈ আছে। খোৱা-বোৱা নাই যদিও মছজিদ নিৰ্মাণৰ কাম চলি আছে।অৰ্থনৈতিক সংকটে লাহে লাহে গ্ৰাস কৰিবলৈ লৈছে। ইতিমধ্যে মন্দাৱস্থাত আবদ্ধ হৈ পৰিছে শ্ৰীলংকা।ধ্বংসৰ প্ৰান্তত থিয় দিছে পাকিস্তান। এতিয়া এই তালিকাত আৰু এটা নাম যোগ কৰা হৈছে। মিচৰ হৈছে নীল নদীৰ দেশ। তাত থকা চৰকাৰখনে ৰাইজৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।
কিন্তু আশ্চৰ্যজনক কথাটো হ’ল ইজিপ্তৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি আব্দুল ফাতেহ এল-চিছিৰ চৰকাৰ গঠনৰ পিছৰে পৰা সমগ্ৰ দেশতে ৯৬০০টা মছজিদ নিৰ্মাণ বা সংস্কাৰ কৰা হৈছে। যাৰ আৰ্থিক মূল্য প্ৰায় ৪ হাজাৰ কোটি।
মুদ্ৰাস্ফীতি, জৰ্জৰিত হৈছে ইজিপ্ত। কোনো খাদ্য নাই। নাই দৈনন্দিন প্ৰয়োজনীয় বস্তু। ইজিপ্তৰ প্ৰতিটো পৰিয়ালৰ বাবে ৩ বেগ চাউল, ২ বটল গাখীৰ, ১ বটল তেল আবণ্টন দিয়া হৈছে। কিন্তু গভীৰ সংকটৰ এই মুহূৰ্ততো চৰকাৰে টকা খৰচ কৰি কেৱলমাত্ৰ মছজিদ নিৰ্মাণ কৰিছে। নাই শিক্ষা, নাই স্বাস্থ্যৰ আন্তঃগাঁথনি। বিধ্বস্ত হৈছে অৰ্থনৈতিক অৱস্থা। কিন্তু ৰাষ্ট্ৰপতি আব্দুল ফাতেহ এল চিছিৰ ৰাজত্বকালত হাজাৰ হাজাৰ মছজিদ নিৰ্মাণ কৰি থকা হৈছে।
অৰ্থনৈতিক পৰিসংখ্যা অনুসৰি যোৱা এবছৰত মুদ্ৰাস্ফীতি প্ৰায় ৩ গুণ বৃদ্ধি পাইছে। ২০২১ চনৰ নৱেম্বৰ মাহত ইজিপ্তত মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৬.২ শতাংশ। ২০২২ চনত এই হাৰ ১৯.২ শতাংশলৈ বৃদ্ধি পাইছে। কাইৰোৰৰ বাসিন্দা ২০ বছৰীয়া মাহমুদ আবডোৱে কয় যে মোৰ ঘৰৰ বেলকনিৰ পৰা ৫টা মছজিদৰ নামাজ একেলগে শুনা যায়।
অৰ্থনৈতিক সংকটৰ এই মুহূৰ্তত ধৰ্মীয় কাৰ্যসূচীৰ বাবে ইমান খৰচ কৰাৰ ন্যায্যতা ক’ত?এই পৰিস্থিতিত আন এটা প্ৰশ্নৰ উত্থান ঘটিছে। অৰ্থনৈতিক সংকটৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে চীনে প্ৰচুৰ বিনিয়োগ কৰা দেশসমূহ। প্ৰথমে শ্ৰীলংকা। তাৰ পিছত পাকিস্তান। এতিয়া ইজিপ্তৰ পাল পৰিছে। গতিকে এই ভয়ংকৰ পৰিস্থিতিৰ বাবে পৰোক্ষভাৱে দায়ী চীনো। এই প্ৰশ্নটো বহু আন্তঃৰাষ্ট্ৰীয় মহলত চৰ্চিত হ’ব লাগিছে। নীল নদীৰ দেশখনে যিকোনো মূহুর্ততে নিজকে দেউলীয়া ঘোষণা কৰিব পাৰে।