Local, Vocal, Global

উৰন্ত বিমানত আত্মহত্যাৰ চেষ্টা বিজেপি সাংসদৰ!

ডিজিটেল ডেস্ক:- বিজেপি সাংসদ তেজস্বীয়ে উৰন্ত বিমানৰ জৰুৰীকালীন দুৱাৰ খুলিছিল কিয়? তেওঁ বিমানৰ পৰা জপিয়াই আত্মহত্যা কৰিব বিচাৰিছিল নেকি? আৰু এতিয়া ক্ষমা বিচৰাৰ কাৰণ কি?

বিজেপিৰ সাংসদ তেজস্বী সূৰ্য্যই চেন্নাইৰ পৰা তিৰুচিৰাপল্লীলৈ যোৱা বিমানখনৰ জৰুৰীকালীন দুৱাৰ খোলা নাছিল। বৃহস্পতিবাৰে এই দাবী কৰে তামিলনাডু বিজেপিৰ সভাপতি অন্নমলাই। ১০ ডিচেম্বৰত সেই ইণ্ডিগো বিমানখনত তেজস্বীৰ সৈতেও আছিল অন্নমলাই। বৃহস্পতিবাৰে তেওঁ কয় যে এই ঘটনাৰ বাবে তেজস্বী দায়ী নহয়। আনকি তেওঁ বিমান কৰ্তৃপক্ষ বা যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচৰাও নাছিল।

অৱশ্যে ইয়াৰ বিপৰীতে বুধবাৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই তেজস্বীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ কাৰ্যতঃ মানি লয়। তেজস্বীৰ নাম নোলোৱাকৈয়ে তেওঁ স্পষ্ট কৰি দিলে – “ভুলতে খুলি দিছিল বিমানৰ জৰুৰীকালীন দুৱাৰ।” তেওঁ (তেজস্বীয়ে) এই ভুলৰ বাবেও ক্ষমা বিচাৰিছে।”

একে সময়তে মঙলবাৰে ইণ্ডিগো কৰ্তৃপক্ষই কয় যে ১০ ডিচেম্বৰত চেন্নাই বিমানবন্দৰৰ পৰা তিৰুচিৰাপল্লীলৈ যোৱা ৬-ই৭৩৩৯ নং বিমানৰ জৰুৰীকালীন প্ৰস্থান দুৱাৰখন এজন যাত্ৰীয়ে খুলিছিল। ইয়াৰ পিছতে জৰুৰীকালীন দুৱাৰ খোলাৰ ঘটনাই দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। উত্থাপন হয় বহু প্ৰশ্ন।

ইফালে সংবাদ মাধ্যমৰ বাতৰিৰ উদ্ধৃতি দি কংগ্ৰেছৰ মুখপাত্ৰ ৰনদীপ সিং সুৰজেৱালাই অভিযোগ কৰে যে কৰ্ণাটকৰ বিজেপিৰ সাংসদ তথা দলৰ যুৱ মৰ্চাৰ সৰ্বভাৰতীয় সভাপতি তেজস্বীয়ে সেইদিনা বিমানখনৰ জৰুৰীকালীন দুৱাৰ মুকলি কৰি দিছিল ডিচেম্বৰৰ ১০ তাৰিখে। বিমান সংস্থা ইণ্ডিগ’ই মঙলবাৰে এই কথা ৰাজহুৱা কৰিছে।