Local, Vocal, Global

‘টাইম’ৰ ‘কিড অৱ দ্য ইয়েৰ’ত ভাৰতীয়

প্ৰথমবাৰৰ বাবে ‘কিড অৱ দ্য ইয়েৰ’ত নাম ঘোষণা কৰিছে ‘টাইম’ আলোচনীয়ে। এই সন্মান লাভ কৰিছে আমেৰিকাৰ কল’ৰাডোৰ বাসিন্দা ভাৰতীয় গীতাঞ্জলি ৰাৱে। ১৫ বছৰ বয়সীয়া গীতাঞ্জলিয়ে নিজৰ অভিনৱ আৱিষ্কাৰৰ বাবে এই সন্মান লাভ কৰে। গীতাঞ্জলিৰ এই কৃতিত্বক লৈ আনন্দ ব্যক্ত কৰিছে ভাৰতীয়সকলেও। ইয়াৰে ভিতৰত বহুজনে ছ’চিয়েল মিডিয়াৰ মাধ্যমতো শুভেচ্ছা জনাইছে। অধ্যয়নৰ সমানন্তৰালভাৱে গীতাঞ্জলি এগৰাকী বিজ্ঞানী তথা আৱিষ্কাৰকো। গীতাঞ্জলিয়ে বনোৱা এক ‘ডিভাইচ’ৰ সহায়ত পানীত থকা সীহৰ পৰিমাণ জানিব পাৰি। ইয়াৰ বাহিৰেও এটি ‘এপ’ তথা ক্ৰোম এক্সটেনছনৰো সৃষ্টি কৰিছে গীতাঞ্জলিয়ে।যাৰ দ্বাৰা চাইবাৰ অপৰাধক বাধা দিয়াটো সম্ভৱ।গীতাঞ্জলিক আঠৰ পৰা ১৬ বছৰ বয়সৰ  পাঁচ হেজাৰ প্ৰতিযোগীৰ  মাজৰ পৰা  ‘টাইম’ আলোচনীয়ে বাছনি কৰে এই সন্মানৰ বাবে।