Local, Vocal, Global

New SP appointed: লখিমপুৰৰ নতুন SP আনন্দ মিশ্ৰ, নগাঁৱৰ SP হিচাপে নৱনীত মহন্তক দায়িত্ব

ছ’চিয়েল মিডিয়াৰ চেন্সেশ্যন আৰু এগৰাকী দক্ষ্য আৰক্ষী বিষয়া, বৰ্তমান অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ AIG হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা আনন্দ মিশ্ৰক বদলি কৰি লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । বিপৰীতে লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ AIGৰ দায়িত্বলৈ বদলি কৰা হৈছে ।

ইফালে, নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি কৰি হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । বিপৰীতে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তক বদলি কৰি নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।

প্ৰাৰম্ভিক তথ্য অনুসৰি নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীৰ উপ-পৰিদৰ্শক জুনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাৰ ঘটনাটোৰ তদন্ত চলি থকাৰ মাজতে লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধব ৰাজখোৱা আৰু নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি কৰা হৈছিল।

উল্লেখ্য যে, আজি অসমৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তেওঁলোকৰ বদলি সন্দৰ্ভত নিশ্চিত কৰিছিল ।

লগতে পঢ়ক: Junmoni Rabha mysterious death: তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণৰ সিদ্ধান্তৰ কথা কলে জি পি সিঙে