Local, Vocal, Global

Junmoni Rabha mysterious death: তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণৰ সিদ্ধান্তৰ কথা কলে জি পি সিঙে

গুৱাহাটী, ২০ মে’: এছ আই জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত শুকুৰবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এখন সংবাদমেলৰ আয়োজন কৰে (Press meet at Assam Police Head Quarters)। এই সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে (DGP GP Singh) জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰাৰ সিদ্ধান্তৰ কথা জানিবলৈ দিয়ে (SI Junmoni Rabha Death: Investigation to CBI)৷

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়, “চিআইডিৰ কাৰ্যদক্ষতাৰ ওপৰত কোনো ধৰণৰ সন্দেহ নাই । কিন্তু এই সিদ্ধান্ত জনসাধাৰণৰ আবেগ আৰু নিৰপেক্ষতাৰ স্বাৰ্থত লোৱা হৈছে । দ্বিতীয় কাৰণ হ’ল আমাৰ নিজৰ বিভাগৰে এজন বিষয়াৰ মৃত্যু হৈছে, সেইবাবে নিৰপেক্ষ সংস্থাৰ দ্বাৰা ইয়াৰ তদন্ত কৰাটো প্ৰয়োজন । আমি আশা কৰিছো চিআইডিয়ে স্বচ্ছ আৰু সঠিক তদন্ত কৰিব ।”

SI জোণমণি ৰাভাৰ দুৰ্ঘটনা হত্যা নে আত্মহত্যা, সেই সম্পৰ্কে ভিন্ন মহলত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ নিত্য নতুন বিষয় সংযোজন হৈছে ৷ প্ৰত্যক্ষ বা পৰোক্ষভাৱে নাম সাঙোৰ খাইছে বহুজনৰ ৷ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ পৰা অবৈধ সৰবৰাহকাৰীলৈকে বহুকেইগৰাকীৰ বিৰুদ্ধে উঠিছে সন্দেহৰ আঙুলি ৷ নিজকে প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসৰ মন্তব্য, আৰক্ষী বাহনৰ গাড়ীচালকৰ অডিঅ’ ক্লিপ, জোণমণি ৰাভাৰ পৰিয়ালৰ মন্তব্য, আৰক্ষীক খবৰ দিওঁতাৰ মন্তব্য আদিবোৰে সন্দেহজনক ঘটনাটো অধিক ৰহস্যঘন কৰি তুলিছে ৷

উল্লেখ্য যে, উপ পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অসম আৰক্ষীৰ CIDয়ে অব্যাহত ৰাখিছিল । ইতিমধ্যে CIDয়ে ঘটনাটোৰ নিশা বিশেষ স্থানত থকা বুলি দাবী কৰা সাক্ষী প্ৰণৱ দাস, অডিঅ’ ভাইৰেল হোৱা আৰক্ষীৰ বাহনৰ চালক আৰু জোনমণিৰ বাহনত খুন্দা মৰা ট্ৰাকখনৰ চালককে ধৰি কেইবাজনো ব্যক্তিক জেৰা কৰিছিল । আনহাতে, শনিবাৰে এই ঘটনাৰ পৰিপ্ৰেক্ষিততে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে আৰু লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক বদলি কৰা হৈছে । ইয়াৰ পূৰ্বে নগাঁও আৰু লখিমপুৰৰ চাৰিজনকৈ আৰক্ষী বিষয়াক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ তলব কৰি ক্ল’জ কৰি ৰখা হৈছে ।

লগতে পঢ়ক: Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ মৃত্যুক লৈ চাৰি আৰক্ষী বিষয়াক হেডকোৱাৰ্টাৰ ক্ল’জ