Local, Vocal, Global

More than 2 crore cash recovered:আৰক্ষী বিষয়া আনন্দৰ নেতৃত্বত বৃহৎ পৰিমানৰ নগদ ধনৰ লগতে এক কিলো সোণ উদ্ধাৰ

নিউজ ডেস্ক, ২১ মে’: এটা আলমিৰাৰ পৰা দুই কোটিৰো অধিক নগদ ধন আৰু এক কেজি ওজনৰ সোণৰ এডাল বাৰ উদ্ধাৰে ৰাজস্থানৰ ৰাজধানী জয়পুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এটা লেপটপৰ বেগত বৃহৎ পৰিমানৰ নগদ ধনখিনিৰ লগতে এক কেজি ওজনৰ সোণৰ এডাল দণ্ড এটা ট্ৰলী বেগ (ছুটকেছ)ত ৰখা হৈছিল। জয়পুৰৰ যোজনা ভৱনৰ কাৰ্যালয়ৰ বেছমেণ্টত এটা আলমাৰীত এই বৃহৎ পৰিমানৰ ধন আৰু সোণখিনি উদ্ধাৰ কৰা হৈছে (Rs 2 crore cash and a gold bar recovered) ।

শনিবাৰে জয়পুৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নেতৃত্বত এটা দলে এটা আলমিৰাৰ পৰা বৃহৎ ধনৰাশি আৰু সোণৰ দণ্ডডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছতে আহ্বান জনোৱা এক সংবাদমেলত জয়পুৰৰ আৰক্ষী আয়ুক্ত আনন্দ শ্ৰীবাস্তৱে সাংবাদিকৰ আগত উল্লেখ কৰে যে, “দীৰ্ঘদিন ধৰি তলা লগাই থোৱা অৱস্থাত পোৱা আলমিৰা এটাৰ পৰা নগদ ধন আৰু সোণৰ দণ্ডডাল উদ্ধাৰ কৰা হৈছে । নগদ ধন আৰু সোণৰ দণ্ডডাল উদ্ধাৰ হোৱা যোজনা ভৱনৰ বেছমেণ্টত কেইবাটাও কাৰ্যালয় আছে (Yojana Bhavan office)। ইয়াৰে তথ্য আৰু প্রযুক্তি বিভাগৰ কার্যালয়টোৰ ডিজিটাইশ্যন প্রক্রিয়া আৰম্ভ কৰা হৈছিল ৷ যাৰ বাবে কাৰ্যালয়টোৰ সকলো ফাইল ডিজিটাইজ কৰা হৈছিল। ইয়াৰ মাজতে কাৰ্যালয়টোৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা অতিৰিক্ত সঞ্চালকগৰাকীয়ে এই বৃহৎ পৰিমাণৰ নগদ ধন আৰু সোণৰ দণ্ড উদ্ধাৰৰ বিষয়ে আৰক্ষীক অৱগত কৰে ৷ পৰৱৱৰ্তী সময়ত আমাৰ দলে এই আটাইবোৰ জব্দৰ কৰাৰ লগতে আঠজন ব্যক্তিক জিম্মাত লোৱা হৈছে।”

লগতে উল্লেখ কৰিলে, “আমি ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছো । ইমান বিহৎ পৰিমানৰ নগদ ধন কাৰ্যালয়টোৰ আলমিৰাত ৰখাৰ আঁৰত কোন জড়িত থাকিব পাৰে ? লগতে ইমান বৃহৎ পৰিমাণৰ নগদ ধন আলমিৰাত ৰখাৰ উদ্দেশ্য কি আছিল ? প্ৰাৰম্ভিক অনুসন্ধানত পোৱা তথ্য অনুসৰি কাৰ্যালয়টোত থকা দুটা আলমিৰা বহু দিন ধৰি বন্ধ হৈ আছিল। তাৰোপৰি আলমিৰা দুটাৰ চাবিও পোৱা নগৈছিল । শেষত আলমিৰা দুটা খুলিবলৈ তলা ভাঙি দিয়া হৈছিল । ইয়াৰে এটা আলমিৰাত কেৱল ফাইল পোৱাৰ বিপৰীতে আনটো আলমিৰাত দুই কোটি একসত্তৰ লাখ উনচল্লিশ হাজাৰ পাঁচশ টকাৰ নগদ ধন উদ্ধাৰ কৰা হয় । ইয়াৰ উপৰিও ইয়াৰ ভিতৰত এক কেজি ওজনৰ সোণৰ এডাল দণ্ড উদ্ধাৰ কৰা হৈছে ।”

লগতে পঢ়ক: New SP appointed: লখিমপুৰৰ নতুন SP আনন্দ মিশ্ৰ, নগাঁৱৰ SP হিচাপে নৱনীত মহন্তক দায়িত্ব