Local, Vocal, Global

BSF ৰ বাহনৰ খুন্দাত এজন বৃদ্ধ লোক নিহত হোৱাৰ বিপৰীতে আহত আন ৪ জন

নিউজ ডেস্ক, ৪ আগষ্ট : এক শোকাৱহ ঘটনাত অসমৰ ধুবুৰী জিলাত সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) এখন বাহনৰ খুন্দাত এজন বৃদ্ধ লোক নিহত হোৱাৰ বিপৰীতে আন ৪ জন আহত হয়।

খবৰ অনুসৰি ধুবুৰী জিলাৰ গোলাকগঞ্জৰ কানুৰী অঞ্চলত সংঘটিত হৈছিল এই শোকাৱহ দুৰ্ঘটনাটো।

উল্লেখ্য যে, মৃতব্যক্তিজনক গোলাপজান বেহুয়া (Golapjan Behua) বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাটোত, এজনৰ ঘটনাস্থলীত মৃত্যু হয় আৰু আহত আন চাৰিজনক উন্নত চিকিৎসাৰ বাবে লগে লগে ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। আনহাতে আহত লোক কেইজনৰ পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নাই।

সম্প্ৰতি, স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।