Local, Vocal, Global

জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা ৩২৬ লৈ বৃদ্ধি

নিউজ ডেস্ক, ৪ আগষ্ট : অসমত নতুনকৈ জাপানীজ এনকেফেলাইটিছৰ (Japanese Encephalitis) ১১ টা নতুন ঘটনা ধৰা পৰাৰ সৈতে ১ জুলাইৰ পৰা জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা ৩২৬ লৈ বৃদ্ধি হৈছে।

নতুনকৈ প্ৰতিবেদিত ঘটনাৰ ভিতৰত, কাৰ্বি আংলঙৰ ( Karbi Anglong) তিনিটা আছিল, আনহাতে বিশ্বনাথ ( Biswanath), চিৰাং (Chirang) আৰু কামৰূপ (Kamrup) জিলাৰ পৰা দুটা কৈ আৰু পশ্চিম কাৰ্বি আংলং (West Karbi Anglong) আৰু শোণিতপুৰত (Sonitpur) এটাকৈ ঘটনা পোহৰলৈ আহিছিল।

বৰ্তমান সময়লৈকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ৫২ জন । কিয়নো ৰাজ্যখনত কোনো নতুন মৃত্যুৰ খবৰ পোৱা হোৱা নাই।

ৰাজ্যজুৰি জিলা প্ৰশাসনে মাৰাত্মক ৰোগটো বিয়পাৰ পৰা প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিবলৈ দ্ৰুত সঁহাৰি দল গঠন কৰিছে।