Local, Vocal, Global

উৎকোচ দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ চৰাইদেউ জিলাৰ সাপেখাটি ৰাজহ চক্ৰৰ লট মণ্ডল

নিউজ ডেস্ক, ৪ আগষ্ট : সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয় বিভাগে, ( Directorate of Vigilance and Anti-corruption) আজি চৰাইদেউ (Charaideo) জিলাৰ সাপেখাটি ৰাজহ চক্ৰৰ লট মণ্ডল, হৰি প্ৰসাদ দাসক ১০,০০০ টকাৰ উৎকোচ দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

দাসে সাপেখাটি ৰাজহ চক্ৰৰ অন্তৰ্গত বৰহাট মিছাজান গাঁৱত অৱস্থিত ১ কথা ৩ লেচা জোখৰ মাটিৰ পৰিৱৰ্তনৰ বাবে অভিযোগকাৰীৰ পৰা ধন দাবী কৰিছিল।

উৎকোচ দিবলৈ অনিচ্ছুক, অভিযোগকাৰীয়ে দাসৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা লোৱাৰ বাবে অসমৰ সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ কাষ চাপিছিল।

সেই অনুসৰি, ২০২২ চনৰ ৪ আগষ্টত চৰাইদেউ জিলাৰ অন্তৰ্গত বৰহাট মিছাজান গাঁৱত অসমৰ সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ এটা দলে জাল পেলাইছিল।

অভিযোগকাৰীৰ পৰা উৎকোচৰ পৰিমাণ সংগ্ৰহ কৰিবলৈ লাট মণ্ডল গাওঁলৈ আহিছিল। অভিযোগকাৰীৰ পৰা ৫,০০০/- টকা উৎকোচ গ্ৰহণ কৰাৰ লগে লগে শ্ৰী হৰি প্ৰসাদ দাস আজি ৰঙাহাতে ধৰা পৰে।

এই সন্দৰ্ভত, শ্ৰী হৰি প্ৰসাদ দাসৰ বিৰুদ্ধে ০৪.০৮.২০১১ তাৰিখে এচিবি পি.এছ. গোচৰ নং –  23/2022 U/S 7(a) দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮চনত সংশোধন কৰা অনুসৰি) এটা গোচৰ ৰুজু কৰা হৈছে।