Local, Vocal, Global

মহানগৰীত কৰিব নোৱাৰিব চাইক্লিং তথা সান্ধ্য ভ্ৰমণ

এতিয়াৰে পৰা মহানগৰীত কৰিব নোৱাৰিব চাইক্লিং তথা সান্ধ্য ভ্ৰমণ

কামৰূপ মহানগৰীত পূৰ্বতকৈও কঠোৰ হ’ব প্ৰশাসন। কোভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ হৈছে প্ৰশাসন। যিহেতু কোভিডৰ সংক্ৰমণ নিৰ্দিষ্ট এটা স্থানতে আৱদ্ধ হৈ থকা নাই । বিগত কিছুদিন ধৰি মহানগৰীত বৃদ্ধি পাইছে ক’ৰ’ণাৰ সংক্ৰমণ। সেয়ে মহামাৰীৰ সকলো নীতি-নিয়ম মানি চলিবলৈ জনসাধাৰণলৈ আহ্বান জনালে মহানগৰীৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে । ইয়াৰোপৰি উপায়ুক্তগৰাকীয়ে সান্ধ্য আইনৰ সময়ছোৱাত চলাচল, চাইক্লিং, সান্ধ্য আইন আদিৰ পৰা বিৰত থাকিবলৈও আহ্বান জনালে জনসাধাৰণলৈ ।