Local, Vocal, Global

নাড্ডাৰ কনভয়ত আক্ৰমণৰ উত্তৰ দিবলৈ পশ্চিমবংগলৈ অমিত শ্বাহ

বৃহস্পতিবাৰে পশ্চিমবংগৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ কনভয়ত হোৱা আক্ৰমণক লৈ উত্তপ্ত হৈ পৰিছে দেশৰ ৰাজনীতি। এই লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগ চৰকাৰৰ পৰা বিচাৰিছে প্ৰতিবেদন। এইবাৰ নাড্ডাৰ কনভয়ত আক্ৰমণৰ ৰাজনৈতিক প্ৰত্যুত্তৰ দিবলৈ নিজেই পশ্চিমবংগ ভ্ৰমণ কৰিবলৈ সাজু হৈছে অমিত শ্বাহ। বিজেপি সূত্ৰই জনোৱা মতে ১৯ আৰু ২০ ডিচেম্বৰত কলকাতাত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

বৃহস্পতিবাৰে ডায়মণ্ড হাৰ্বাৰত দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়ত বাধা প্ৰদান কৰা হয় নাড্ডাৰ কনভয়ক। শিল-ইটা-লাঠী দলিয়াই আক্ৰমণৰ অভিযোগ। পশ্চিমবংগৰ বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক কৈলাশ বিজয়বৰ্গিয়াৰ গাড়ীলৈ দলিওৱা হয় শিল, তেওঁ আঘাত পায় হাতত। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষৰ গাড়ীৰ আইনা ভাঙি যায় আৰু আহত হয় তেওঁৰ এগৰাকী নিৰাপত্তাৰক্ষী। বিজেপিৰ এজন ৰাষ্ট্ৰীয় উপ-সভাপতি মুকুল ৰায়ৰ এখন হাতৰ চাৰিটাকৈ আঙুলি কাটে গাড়ীৰ ভঙা আইনাই। এই ঘটনাৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে পশ্চিমবংগ চৰকাৰৰ পৰা বিচাৰে ঘটনাৰ প্ৰতিবেদন। টুইটাৰত অমিত শ্বাহৰ মন্তব্য, ‘আজি পশ্চিমবংগত বিজেপিৰ সভাপতি জে পি নাড্ডাৰ ওপৰত সংঘটিত আক্ৰমণ অতিকে নিন্দনীয়। কেন্দ্ৰীয় চৰকাৰে এই ঘটনা অত্যন্ত গুৰুত্বসহকাৰে লৈছে। এই হিংসাৰ বাবে পশ্চিমবংগৰ শান্তিকামী জনগণে ৰাজ্য চৰকাৰক প্ৰত্যুত্তৰ দিব লাগিব। তাৰ পিছতে নিজেই পশ্চিমবংগলৈ অহাৰ সিদ্ধান্ত লয় অমিত শ্বাহে।