Local, Vocal, Global

সুস্থ হৈ উঠিছে ৰোহিত শর্মা

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ অন্তিম দুখন টেষ্টত ৰোহিত শৰ্মাই খেলিব পাৰিব নে নাই সেয়া নিশ্চিত নাছিল। ৰোহিতৰ আঘাতক লৈ নানান জল্পনা-কল্পনা চলি আছে। পিছে তাৰকা বেটছমেনগৰাকীয়ে শাৰীৰিক সক্ষমতাৰ পৰীক্ষাত অৱতীৰ্ণ হয়। ১২ ডিচেম্বৰত যদিহে ৰোহিত ৰাওনা হ’ব অষ্ট্ৰেলিয়ালৈ। ১৪দিন বাধ্যতামূলক কোৱাৰেণ্টীনত থাকিব লাগিব ক্ৰিকেটাৰগৰাকী। তেতিয়ালৈ শৃংখলাৰ দুখন টেষ্ট প্ৰায় সমাপ্ত হ’ব। গতিকে অন্তিম দুখন টেষ্টত খেলিবলৈ ৰোহিতে নেট অনুশীলনৰ দ্বাৰাই নিজকে সাজু কৰিব লাগিব। শৃংখলাৰ প্ৰথমখন টেষ্ট অহা ১৭ ডিচেম্বৰৰ পৰা এডি লেইডত অনুষ্ঠিত হ’ব।