Local, Vocal, Global

আজি ডিব্ৰুগড়ত বিজেপিৰ আঞ্চলিক কাৰ্যালয়ত ভূমি পূজনত অংশ ল’ব অমিত শ্বাহে

ডিজিটেল ডেস্ক:- মঙলবাৰে ডিব্ৰুগড়ত নিৰ্মাণ হ’ব লগা বিজেপিৰ আঞ্চলিক কাৰ্যালয়ত ভূমি পূজনত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী।সোমবাৰে অৰুণাচলৰ বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল মন্ত্ৰীগৰাকীয়ে।আজি পুনৰ ডিব্ৰুগড়ত উপস্থিত হব মন্ত্ৰীগৰাকী। ডিব্ৰুগড়ত বিজেপিৰ আঞ্চলিক কাৰ্যালয়ত ভূমি পূজানত অংশ ল’ব মন্ত্ৰী গৰাকীয়ে।এইবাৰ ডিব্ৰুগড়ত নিৰ্মাণ হ’ব বিজেপিৰ অত্য়াধুনিক আঞ্চলিক কাৰ্যালয়।এই কাৰ্যালয়ত ভূমি পূজন অনুষ্ঠানত অংস ল’ব মন্ত্ৰীগৰাকীয়ে ।ডিব্ৰুগড় চহৰৰ মানকটা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া বিজেপিৰ বিশাল জনসভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।জনসভাত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা লগতে উপস্থিত থাকিব বিজেপিৰ বহু শীৰ্ষ নেতৃত্ব।আজি অনুষ্ঠিত হ’ব লগা এই জনসভাত উপস্থিত হব ডিব্ৰুগড়,তিনিচুকীয়াৰ প্ৰায় ৪০,০০০ হাজাৰ জনসাধাৰণ উপস্থিত থাকিব বুলি জানিব দিয়ে।