Local, Vocal, Global

নগৰবেৰাত হীৰক জয়ন্তী উপলক্ষে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

ডিজিটেল ডেস্ক:- বাপতি সাহন হেঁপাহৰ ৰঙালী বিহুটিলৈ মাজত মাথো কেইটামান দিনহে বাকী। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত চলিছে হেঁপাহৰ ৰঙালী বিহুৰ প্ৰস্তুতি, আখৰা। নগৰবেৰাতো চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি।

এইবেলি নগৰবেৰা আঞ্চলিক ৰঙালী বিহুৰ হীৰক জয়ন্তী উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ। প্ৰায় এমাহ ধৰি চলিছে বিহুৰ আখৰা। নাচনী-বিহুৱা সকলে দিনে নিশাই চলাইছে আখৰা।ঢোল,পেপা, গগনাৰ সকলোৱে আখৰাত ব্যস্ত দেখিবলৈ পোৱা গৈছে।

নগৰবেৰা আঞ্চলিক ৰঙালী বিহুৰ হীৰক জয়ন্তীক লৈ নাচনী বিহুৱাৰ লগতে উদযাপন সমিতিয়েও ব্যস্ত হৈ পৰিছে। নগৰবেৰা আঞ্চলিক ৰঙালী বিহুৰ হীৰক জয়ন্তীৰ প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগীতাৰ লগতে উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে।