Local, Vocal, Global

বৃহত্তৰ চিচিটঙানি অঞ্চলৰ শিঙিবিল গাঁৱৰ ৰাইজে পঃৰাগ উৎসৱ পালন কৰে

ডিজিটেল ডেস্ক:- পঃৰাগ মিচিং জনগোষ্ঠীৰ আন এক উৎসৱ। সাধাৰণতে খেতি চপোৱাৰ পিচত এই উৎসৱ পতা হয়। বৃহত্তৰ চিচিটঙানী অঞ্চলৰ শিঙিবিল গাঁৱৰ ৰাইজে পঃৰাগ উৎসৱ লগত সংগতি ৰাখি গাঁওখনৰ মংগলাৰ্থে সৃষ্টিকৰ্তা, মাতৃ আৰু উপৰিপুৰুষসকলক মাংগলিক ৰীতিনীতিৰে তুষ্ট কৰি ডেকা-গাভৰুসকলৰ নেতৃত্বত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এক উদুলিমুদুলি পৰিৱেশৰ মাজত উদযাপন কৰে মিচিং সমাজৰ পৰম্পৰা ৰীতিনীতি ভিতৰত এক অন্যতম অনুষ্ঠান দপান তৃপান৷

অনুষ্ঠানত গাঁৱৰ জী-জোঁৱাই লগতে চাকৰিসূত্ৰে বাহিৰত থকা লোকসকলক আমন্ত্ৰণ কৰি অনাত আজি সামৰণি অনুষ্ঠানত (Gunggang) “গুংগাং” নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বিদ্যাধৰ দলে ।
শিঙিবিল গাঁৱৰ ৰাইজে জী-জোঁৱাই আৰু অতিথিক সকলক আপ্যায়নৰ বাবে ১০ কুইন্টল গাহৰি মাংস আৰু ২০ কুইন্টল কুলা আপং অৰ্থ্যাৎ ছাইমদ যোগান কৰে ৷