Local, Vocal, Global

বিজয় দেৱেৰাকণ্ডাৰ লগত ছাৰা আলী খানৰ গঢ়ি উঠিছে প্ৰেমৰ সম্পৰ্ক! বিভিন্ন স্থানত সঘনাই একেলগে অতিবাহিত কৰিছে সময়

বিজয় দেৱেৰাকণ্ডাৰ লগত গঢ়ি উঠিছে ছাৰা আলী খানৰ প্ৰেমৰ সম্পৰ্ক ! মুম্বাইৰ ভিন্ন স্থানত সঘনাই একেলগে প্ৰত্যক্ষ কৰা হৈছে অভিনেতা- অভিনেত্ৰী যুগলক। অলপতে মনীষ মলহোত্ৰাৰ ঘৰৰ এটা অনুষ্ঠানত বিজয়- ছাৰাক এক অন্তৰংগ সময় অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে। বিজয়- ছাৰাৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠা খবৰটোৱে এতিয়া চোছিয়েল মিডিয়াত এক প্ৰকাৰৰ খলকনিৰ সৃষ্টি কৰিছে। বিশেষ সুত্ৰৰ পৰা জানিব পৰা মতে অলপতে ছাৰা আলী খান আৰু বিজয় দেৱেৰাকণ্ডাক এখন ছবিৰ বাবে একেলগে চুক্তিবদ্ধ কৰা হৈছে।