Local, Vocal, Global

Kaziranga National Park : টয়টা কোম্পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগবঢ়ালে এখন টয়টা বাহন

নিউজ ডেস্ক, ৮ আগষ্ট : টয়টা কোম্পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগবঢ়ালে এখন টয়টা বাহন (Kaziranga National Park)। তাৰ পিছতে কাজিৰঙাত টয়টা HILUX ৰ চালকৰ আসনত মুখ্যমন্ত্ৰীক দেখা গ’ল ৷ টয়টা কোম্পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগবঢ়োৱা এখন টয়টা HILUX গাড়ী সোমবাৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

আকৰ্ষণীয় বাহনখন ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক অৰ্পণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই নিজে চলাই চালে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ কৰ্তব্যত ব্যৱহাৰ কৰাৰ বাবে টয়টাই আগবঢ়োৱা গাড়ীখনৰ সন্দৰ্ভত চিফ ৱাইল্ডলাইফ ৱাৰ্ডেন এম কে যাদৱে প্ৰকাশ কৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্য সমাপনৰ বাবে গাড়ীখন মডিফাইড কৰি নিৰ্মান কৰা হৈছে ৷ যাতে ৰাষ্ট্ৰীয় উদ্যানখনৰ দুৰ্গম এলেকাতো গাড়ীখনেৰে কৰ্তব্য পালন কৰিব পাৰে ৷

উল্লেখ্য প্ৰথম তিনিমাহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গাড়ীখনৰ পৰীক্ষা-নিৰীক্ষা কৰি ৰাজ্যৰ আন ৰাষ্ট্ৰীয় উদ্যানতো পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব ৷ ইয়াৰ পিছত বন বিভাগে বিচৰা ধৰণেৰে খুটি-নাটি আঁতৰাই গাড়ীখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক পুনৰ অৰ্পণ কৰিব টয়টা কোম্পানীয়ে ৷

আনহাতে কাজিৰঙাৰ ৰাজহুৱা খেলপথাৰত নিৰ্মাণ হ’ব হেলিপেড ৷ সোমবাৰে কাজিৰঙাৰ গেলেকীস্থিত ৰাজহুৱা খেলপথাৰখনত হেলিপেড নিৰ্মাণৰ উপযুক্ততা পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

এই সন্দৰ্ভত বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰে যে, কাজিৰঙাত বৰ্ধিত পৰ্যটকৰ সংখ্যাৰ বাবে অসম চৰকাৰে এখন হেলিপেড নিৰ্মাণৰ পোষকতা কৰিছে ৷ আনহাতে হেলিপেড নিৰ্মাণৰ পৰিকল্পনা কৰা খেলপথাৰখনৰ বিকল্প হিচাপে বিবেচনা কৰা হৈছে অন্য এটা স্থান ৷

মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে, কাষতে থকা বিদ্যালয়খনো চি বি এচ চিৰ অন্তৰ্ভুক্ত কৰি আন স্থানত নিৰ্মাণ কৰা হ’ব ৷

লগতে পঢ়ক : Mother and Son cry in front of Nagaon SP office: নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত মাতৃ-পুত্ৰৰ কান্দোন