মহানগৰীত আৰক্ষীৰ অভিযানত জব্দ অবৈধ বিলাতী সুৰা

আনলকৰ মাজতেই নিশা নুনমাটি আৰক্ষীৰ সফল অভিযান। নিশা আৰক্ষীয়ে নুনমাটিৰ ২নং মঠঘৰীয়াৰ ত্ৰিনয়ন পথত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ বিদেশী সুৰা আৰু চুলাই মদ। আৰক্ষীয়ে অবৈধ বিদেশী সুৰা আৰু চুলাই মদসহ আটক কৰে কংকন দাস নামৰ এজন যুৱকক। লকডাউন আৰু আনলকৰ মাজতেই ধৃত যুৱকজনে বিলাতী সুৰা আৰু চুলাই মদ বিক্ৰী কৰি অবৈধভাৱে চলাই আহিছিল ব্যৱসায়। নুনমাটিৰ ACP নিলোৎপল ডেকাৰ নেতৃত্বত নুনমাটি আৰক্ষীৰ এটা বৃহৎ দলে মঠঘৰীয়াৰ ত্ৰিনয়ন পথৰ বাসগৃহত চলাইছিল এই সফল অভিযান।
উল্লেখ্য যে বিগত বহু বছৰ ধৰি ধৃত কংকন দাস নামৰ যুৱকজনে মঠঘৰীয়াত অবৈধভাৱে বিলাতী সুৰা আৰু চুলাই মদৰ ব্যৱসায় চলাই আহিছিল। অৱশেষত নুনমাটি আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ বিলাতী সুৰা আৰু চুলাই মদ।