Local, Vocal, Global

দেৱালত অখিল গগৈৰ ছবি আঁকি আটক শিল্পী

কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ চিত্ৰ অংকন কৰি আৰক্ষীৰ হাতত আটক হ’ল শিল্পী। মহানগৰীৰ বশিষ্ঠৰ লালমাটি অঞ্চলত পথৰ কাষৰ দেৱালত অখিল গগৈৰ চিত্ৰ অংকন কৰিছিল অংগ আৰ্ট কালেক্টিভ নামৰ সংগঠনটোৰ দুজনমান শিল্পীয়ে। লগত আছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক প্ৰাঞ্জল কলিতা। নিধি ভৱনৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এখন দেৱালত অখিল গগৈৰ চিত্ৰ অংকন কৰিছিল শিল্পীৰ দলটোৱে। ছবিখন প্ৰায় সম্পূৰ্ণ হওতেই সেই স্থানত উপস্থিত হয় আৰক্ষীৰ এটা বৃহৎ দল। আৰক্ষীৰ দলটোৱে শিল্পীকেইজনক অখিলৰ ছবিখন মচি পেলাবলৈ বাধ্য কৰোৱাৰ লগতে আটক কৰে তেওঁলোকক। শিল্পীকেইজনৰ সংগী ছাত্ৰ মুক্তিৰ নেতা প্ৰাঞ্জল কলিতাসহ দলটোক আটক কৰি বশিষ্ঠ থানালৈ লৈ যায় আৰক্ষীয়ে। উল্লেখ্য যে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত দীৰ্ঘদিনে কাৰাবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ। অখিলৰ মুক্তিৰ দাবীৰে বিভিন্ন পক্ষ সৰৱ হৈ পৰিছে। তাৰ মাজতে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষক নেতাজনৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰিছিল। গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ৮ ডিচেম্বৰ ধাৰ্য কৰিছে ন্যায়ালয়ে। দেৱালত অখিলৰ ছবি অংকন কৰাৰ অপৰাধত শিল্পীৰ দলক আটক কৰা আৰু ছবি মচি পেলাবলৈ আৰক্ষীয়ে বাধ্য কৰা ঘটনাক বিভিন্নজনে সমালোচনা কৰিছে।