Local, Vocal, Global

অসমত গো-সুৰক্ষা আইন কেতিয়াও মানি লোঁৱা নহব , অখিল গগৈ

গৰুক বামুণ সকলে ভগৱান বুলি ভাবিব পৰে আমি কিন্তু গো-ধন বুলি জানো ৷ ধেমাজী জিলাত কোনোধৰণৰ ডাঙৰ উদ্যোগ নাই ! গো-ধনৰ পৰাই পৰিয়াল পোহপাল দিয়ে হাজাৰ হাজাৰ গো-পালক সকলে ৷

অসমত গো-সুৰক্ষা আইন কেতিয়াও মানি লোঁৱা নহব ৷ দৰকাৰ হলে RSS আৰু BJP ক উৎখাত কৰা হব তথাপিও অসমত গো-সুৰক্ষা আইন আনিবলৈ দিয়া নহব  ৷

কেৱল মুছলমান আৰু খৃষ্টানসকলক ক্ষতি কৰিবলৈ গৈ চৰকাৰ খনে আটাইতকৈ বেছি ক্ষতি কৰিছে অন্য জাতি জনজাতি সকলক ৷ জুনাইত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ বিক্ষোভ কাৰ্য্যসূচী ৷

 

গো-সুৰক্ষা আইন বাতিল কৰাৰ দাবীত আয়োজন কৰে এই কাৰ্য্যসূচী ৷ এই বিক্ষোভ কাৰ্য্যসূচীত উপস্থিত থাকে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ৷

গো-সুৰক্ষা আইন বাতিল নকৰা পৰ্যন্ত সকলো জনজাতি , জনগোষ্ঠীৰ গো- পালক সকলৰ স্বাৰ্থত ৰাইজৰ দলে অব্যাহত ৰাখিব ধাৰাবাহিক আন্দোলনৰ কাৰ্য্যসূচী ।  গো-সুৰক্ষা আইন বাতিলৰ দাবিত জিলাই জিলাই চলাই যাব তীব্ৰ আন্দোলন