Local, Vocal, Global

চৰকাৰী শিক্ষকে যেতিয়া দন্ত চিকিৎসক হয় আৰু তাৰ পৰিণতি কিমান ভয়ংকৰ হয়, এবাৰ পঢ়ি চাওক আমাৰ এই প্ৰতিবেদন

বিলাসীপাৰা নায়েৰ আলগাত এগৰাকী চৰকাৰী শিক্ষক হৈ স্বয়ম্ভূ চিকিৎসকৰ দানৱ ৰূপী কাণ্ড সংঘটিত। নায়েৰ তৃতীয় খণ্ড গাঁৱৰ  হাজম কৰিম আলি দাঁতৰ বিষৰ যন্ত্ৰণাত ককবকাই থকাৰ ফলত  চিকিৎসাৰ বাবে গৈছিল,নায়েৰ আলগা বজাৰত ফৰিজ উদ্দিন আহমেদ নামৰ এগৰাকী স্বয়ম্ভূ চিকিৎকৰ ওচৰত  ।

দানৱ ৰূপী স্বয়ম্ভূ চিকিৎসক গৰাকী কৰিম আলিৰ আধা দাঁত প্লাচৰে উঠায় আধা  দাঁত ভাঙি ৰৈ যায়। যাৰ ফলত লাহে লাহে তাঁত বীজাণু সৃষ্টি হৈ এতিয়া মৃত্যুৰ লগত যুঁজিবলগীয়া হৈছে ,হাজম কৰিম আলি।

এগৰাকী চৰকাৰী শিক্ষক হৈ স্বয়ম্ভূ চিকিৎসকৰ কাণ্ডত অধিষ্ঠিত হৈ পৰিছে নায়েৰ  আলগা অঞ্চলবাসী ৰাইজে। মুঠৰ ওপৰত প্ৰশ্ন হল যে বিলাসীপাৰা নায়েৰ আলগা চৰঞ্চলত চৰকাৰী অনুজ্ঞা-পত্রৰ অবিহনে চলিছে, বহুতো ফাৰ্মাচি।

বিশেষ এক গুৰুত্বপূৰ্ণ কথা হল যে এই গৰাকী ফৰিজ উদ্দিন আহমেদ এগৰাকী চৰকাৰী শিক্ষক হৈ স্বয়ম্ভূ চিকিৎক চিকিৎসাধীন কৰা, ধুবুৰী জিলাৰ Inspect ৰ  লগতে বিলাসীপাৰা মহকুমাৰ দণ্ডাধীশ পৰ্যায়ৰ হস্তক্ষেপ  বিছাৰিছে, মৃত্যুৰ  লগত যুঁজি থকা কৰিম আলিৰ পৰিয়ালৰ লোকে ।