Local, Vocal, Global

হাজেলাৰ ওপৰত গোচৰ ৰুজু কৰাৰ সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া


NRC সম্বনয়ক প্ৰতীক হাজেলাৰ ওপৰত গোচৰ ৰুজু কৰাৰ সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া । অখিল গগৈয়ে কয় যে, এইয়া BJP ৰ প্ৰতিশোধ মূলক ৰাজনীতি। BJP চৰকাৰ খন হিন্দু-মুছলমানৰ ৰাজনীতি কৰা চৰকাৰ।


এই চৰকাৰ খন সাম্প্ৰদায়িক ফেচিবাদী চৰকাৰ। BJP ৰ মতে NRC খন নোহোৱাৰ বাবে প্ৰতীক হাজেলাক আক্ৰমণৰ লক্ষ্য কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত প্ৰতীক হাজেলাই NRC কৰ্তৃপক্ষৰ কাম কৰিছিল। NRC কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে সেই সময়ৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওপৰতো গোচৰ ৰুজু কৰিব লাগে।

তেওঁৰ মতে বৰ্তমান অসমৰ প্ৰধান সমস্যা হৈছে বানপানী, গড়াখহনীয়া, মূল্যবৃদ্ধি। আৰু হাজেলাক আক্ৰমণ কৰি ৰাজ্যৰ মূল ইছ্যু সমূহৰ পৰা জনতাক আঁতৰাই ৰখাৰ চেষ্টা কৰিছে চৰকাৰে।