Local, Vocal, Global

আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুতিথি

আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুতিথি। ১৯৯১ চনৰ আজিৰ দিনটোতে (২১ মে) তামিলনাডুত সন্ত্ৰাসবাদী সংগঠন লিবাৰেচন টাইগাৰ্ছ অৱ তামিল ইলাম (এলটিটিই)ৰ দ্বাৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক হত্যা কৰা হৈছিল। ৪০ বছৰ বয়সত ভাৰতৰ আটাইতকৈ কনিষ্ঠ প্ৰধানমন্ত্ৰী হোৱা ৰাজীৱ গান্ধীৰ মৃত্যুৰ সময়ত বয়স আছিল ৪৬ বছৰ। নিৰ্বাচনী প্ৰচাৰৰ সময়ত এগৰাকী মহিলা আত্মঘাতি বোমাৰুৱে তেওঁক হত্যা কৰিছিল।

আজি দিনটোত পিতৃক সোৱঁৰি  পুত্ৰ ৰাহুল গান্ধীয়ে ছচিয়েল মিডিয়াত এক আৱেগিক পোষ্ট কৰিছে। ছচিয়েল মিডিয়াত কৰা এই পোষ্টটোত ৰাহুল গান্ধীয়ে লিখিছে এনেদৰে- ”মোৰ দেউতা এজন দূৰদৰ্শী নেতা আছিল যাৰ নীতিয়ে আধুনিক ভাৰতক গঢ় দিয়াত সহায় কৰিছিল। তেওঁ এজন সহানুভূতিশীল আৰু দয়ালু ব্যক্তি আছিল। মোৰ আৰু প্ৰিয়ংকাৰ বাবে এজন সুন্দৰ পিতৃ আছিল, যিয়ে আমাক ক্ষমা আৰু সহানুভূতিৰ মূল্য শিকাইছিল। মই তেওঁক বহুত মনত পেলাইছিলো আৰু আমি একেলগে কটোৱা সময়বোৰ মৰমেৰে মনত ৰাখিছো।”