Local, Vocal, Global

জানুৱাৰী, ফেব্ৰুৱাৰীত নহয়, পিছত হ’ব দশম-দ্বাদশৰ চূড়ান্ত পৰীক্ষা

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে মঙলবাৰে সদৰি কৰে যে চলিত শিক্ষাবৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা পূৰ্বৰ দৰে জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত নহ’ব। কেতিয়া পৰীক্ষা হ’ব সেয়া নিৰ্ধাৰণ কৰা হ’ব ফেব্ৰুৱাৰীত। শিক্ষকসকলৰ সৈতে এখন ৱেবনিয়াৰত অংশ লৈ শিক্ষামন্ত্ৰী পোখৰিয়ালে কয় যে, ‘পৰীক্ষা বাতিল কৰা আৰু পৰীক্ষা অবিহনে শিক্ষাৰ্থীক উত্তীৰ্ণ কৰাটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতত অবাঞ্চিত দাগ লগাব। এই ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে কৰ্মসংস্থাপন বা উচ্চ শিক্ষা গ্ৰহণত সমস্যাৰ সন্মুখীন হ’ব পাৰে। এনে হোৱাটো আমি নিবিচাৰো। সেয়েহে পৰীক্ষা বাতিল কৰা নহয়। পৰীক্ষা হ’ব কিন্তু পলমকৈ হ’ব। দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা জানুৱাৰী-ফেব্ৰুৱাৰী মাহত নহয়, কিন্তু কেতিয়া হ’ব সেইটো ফেব্ৰুৱাৰী মাহৰ পিছত নিৰ্ধাৰণ হ’ব।’

‘বহু দেশত সমগ্ৰ শিক্ষাবৰ্ষটোৱে বাতিল কৰা হৈছে। যদিও আমাৰ শিক্ষকসকলে কঠোৰ শ্ৰম কৰি আছে আৰু কোনো শিক্ষাৰ্থীৰে শিক্ষাবৰ্ষ নষ্ট হ’বলৈ দিব খোজা নাই। সেয়েহে দেশৰ শিক্ষকসকলো কৰ’না যোদ্ধা যি এই জটিল সময়ত দেশৰ ৩৩ কোটি শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰি আছে।’ মন্তব্য কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালৰ।