Local, Vocal, Global

Padmashree Jadav Payeng reaction on Palm cultivation : পাম গছ ৰোৱাৰ পূৰ্বে কৃষি বিশেষজ্ঞৰ পৰামৰ্শ ল’বলৈ মুখ্যমন্ত্ৰীক আহ্বান যাদব পায়েঙৰ

নিউজ ডেস্ক, ১৫ আগষ্ট : অসমত পাম গছৰ খেতি কৰাক লৈ বিতৰ্ক অব্যাহত আছে (Padmashree Jadav Payeng reaction on Palm cultivation)। উদ্ভিদজাত তেল আমদানি কৰা দেশসমূহৰ ভিতৰত ভাৰত প্ৰথম স্থানত আছে। দেশৰ উদ্ভিদজাত তেলৰ প্ৰায় ৬৮%ই বিদেশৰ পৰা আমদানি কৰিব লাগে। ইয়াৰ ফলত ভাৰতে প্ৰতিবছৰে বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা ব্যয় কৰিব লাগিয়া হয় । অসমত পাম খেতিক লৈ যাদৱ পায়েঙৰ প্ৰতিক্ৰিয়া ।

২০১৯ বৰ্ষত প্ৰায় ১৫ মিলিয়ন টন উদ্ভিদজাত তেল ভাৰতে আমদানি কৰিছিল। ইয়াৰে ৫০% শতাংশই হ’ল পাম অইল। পাম তেলৰ ক্ষেত্ৰত দেশক স্বনিৰ্ভৰ কৰি তোলাৰ বাবে চৰকাৰে বিশেষ আচনি গ্ৰহণ কৰিছে । ২০২৫ -২৬ চনৰ ভিতৰত দেশৰ ৬.৫ লাখ হেক্টৰ ভূমিত পাম অইলৰ খেতি কৰাৰ আঁচনি চৰকাৰে গ্ৰহণ কৰিছে ।

অসমত পাম খেতিৰ বাবে ৰাজ্য চৰকাৰে শেহতীয়াকৈ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে । কিন্তু পাম খেতিক লৈ বিভিন্ন কৃষক সংগঠন আৰু বিশেষজ্ঞসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে । কিছুদিন পূৰ্বে তিনিচুকীয়া জিলাত অইল পাম অথবা তৈল খেজুৰৰ বৃহৎ খেতিৰ কাৰ্যসূচীৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই অইল পাম বা তৈল খেজুৰ খেতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰম্ভ কৰা পদক্ষেপৰ দ্বাৰা অসমৰ কৃষকৰ আয় বৃদ্ধিৰ দিশত সহায়ক হ’ব । কিন্তু পাম খেতিকলৈ বিভিন্ন কৃষক সংগঠন আৰু একাংশ বিশেষজ্ঞসকলে পামখেতিয়ে অসমৰ কৃষি-সংকট তীব্ৰতৰ কৰি তোলাৰ লগতে আৰু অসমৰ পৰিৱেশ তথা জৈৱ-বৈচিত্ৰ্য ধ্বংস কৰিব বুলি মন্তব্য কৰিছে । যাদৱ পায়েঙে আহ্বান জনাইছে অসমত পাম অইলৰ খেতি সকৰিবলৈ । আনহাতে তেওঁ সকীয়নি দিছে যে অসমত পাম অইলৰ খেতিয়ে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিব ।

ৰাজ্যসমূহৰ ছন পৰি থকা মাটি এই খেতি কৰিবৰ বাবে চৰকাৰে ব্যক্তিগত খণ্ডৰ উদ্যোগী তথা প্ৰতিষ্ঠানক লীজত দিব পাৰিব অথবা বিক্ৰী কৰিব পাৰিব । অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো এই আচঁনিৰ অধীনতে পাম গছৰ খেতি কৰিবলৈ লোৱা হৈছে । কিন্তু এই কাৰ্যই অসমৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ আশংকা প্ৰকাশ কৰিছে ফৰেষ্ট মেন অৱ ইণ্ডিয়া ৰূপে পৰিচিত পদ্মশ্ৰী যাদৱ পায়েঙে(Padmashree Jadav Payeng)।

পাম গছ ৰোৱাৰ পূৰ্বে কৃষি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰি সমগ্ৰ বিষয়টো বিবেচনা কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে যাদব পায়েঙে ।

লগতে পঢ়ক : 77th Independence Day : যোৰহাট উন্নয়নৰ বাবে ডেৰ হাজাৰ কোটি টকাৰ ব্যয়ৰে বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰম্ভ হ’ব ; মন্ত্ৰী অজন্তা নেওগ