Local, Vocal, Global

Independence Day Celebration in Nagaon : স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত হঠাৎ অসুস্থ হৈ পৰিল মহিলা আৰক্ষী

নিউজ ডেস্ক, ১৫ আগষ্ট : আজি সমগ্ৰ দেশতে পালন কৰা হৈছে ৭৭ সংখ্যক স্বাধীনতা দিৱস ৷ তাৰ মাজতে নগাঁৱত স্বাধীনতা কাৰ্যসূচীত অথন্তৰ ৷ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত হঠাৎ অসুস্থ হৈ ঢলি পৰে এগৰাকী মহিলা আৰক্ষী । মন্ত্ৰী পীষুয হাজৰীকাই ভাষণ দি থকা সময়তে ঢলি পৰে কৰ্তব্যৰত মহিলা আৰক্ষীগৰাকী । উৎকট গৰমৰ বাবে ঢলি পৰিল মহিলা আৰক্ষীগৰাকী । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত আয়োজন কৰা হৈছিল স্বাধীনতা দিৱসৰ বিশেষ কাৰ্যসূচী(Independence Day Celebration in Nagaon) ৷

সেই কাৰ্যসূচীতে অসুস্থ হৈ পৰিল মহিলা আৰক্ষীৰ জোৱান গৰাকী । হঠাৎ অসুস্থ হৈ পৰা মহিলা আৰক্ষী জোৱানগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় । অসুস্থ হৈ পৰা কনিষ্টবল গৰাকীৰ নাম কৃষ্ণা দাস বুলি জানিব পৰা গৈছে ।

সমগ্ৰ দেশৰ লগতে আজি নগাঁৱতো ভাৰতৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসটি উলহ-মালহৰে উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ত্ৰিৰংগা পতাকা উত্তোলন কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই।

কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত দেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মন্ত্ৰী হাজৰিকাই ৰাইজৰ উদ্দেশ্যে দিয়া ভাষণৰ প্ৰাৰম্ভতে দেশৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদসকলৰ চৰম ত্যাগ আৰু মুক্তি যুঁজাৰুসকলৰ অমৰ দেশপ্ৰেমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

অনুষ্ঠানত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়কত্ৰয় ক্ৰমে ৰূপক শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাস, মুক্তি যুঁজাৰুসকলৰ লগতে নগাঁৱৰ গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।

লগতে পঢ়ক : Assam CM speech on Independence Day : ৰাজ্যৰ দুই লাখ যুৱক-যুৱতী আত্মসংস্থাপনৰ বাবে ২ লাখ টকাকৈ অনুদান, মুখ্যমন্ত্ৰীৰ মন্তব্য