Local, Vocal, Global

Rainfall in Delhi: দিল্লীত হঠাৎ বতৰৰ পৰিৱৰ্তন, ধুমুহাৰ সৈতে পুৱাই আহিল বৰষুণ

নতুন দিল্লী, ২৭ মে’: দিল্লী-এনচিআৰৰ অঞ্চলটোত শনিবাৰে পুৱাই আহিল পচণ্ড ধুমুহা আৰু বৰষুণ । হঠাতে হোৱা বতৰৰ এই পৰিৱৰ্তনৰ সাক্ষী হ’ল দিল্লীবাসী (Sudden change in weather in Delhi) ।

বতৰৰ এই আকস্মিক পৰিৱৰ্তনে দিল্লীৰ লগতে সমগ্ৰ উত্তৰ ভাৰতত হৈ থকা তীব্ৰ গৰমৰ পৰা জনসাধাৰণক বহুখিনি ৰেহাই দিব বুলি ধাৰণা কৰা হৈছে (Rainfall in Delhi)।

অৱশ্যে বতৰ বিজ্ঞান বিভাগে শনিবাৰে পুৱাৰ পৰা দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত বৰষুণ আৰু ধুমুহা অহাৰ আগজাননী দিছিল (India Meteorological Department)।

“সমগ্ৰ দিল্লীকে ধৰি এনচিআৰ (লোনি দেহাত, হিন্দন এ এফ ষ্টেচন, বাহাদুৰগড়, গাজিয়াবাদ, ইন্দিৰাপুৰম, ছপৰাউলা, নয়ডা, বৃহত্তৰ নয়ডা, গুৰুগ্ৰাম, ফৰিদাবাদ, মনেছাৰ, বল্লভগড় আৰু ইয়াৰ কাষৰীয়া অঞ্চলত পাতলৰ পৰা মধ্যমীয়া প্ৰাৱল্যৰ বৰষুণ আৰু ঘণ্টাত ৪০ৰ পৰা ৭০ কিলোমিটাৰ বেগত ধুমুহা বতাহ অহাৰ সম্ভাৱনা আছে ।

তাৰোপৰি যমুনানগৰ, কুৰুক্ষেত্ৰ, কৈথাল, নৰৱানা, কৰ্ণাল, ৰাজাউণ্ড, আছান্ধ, চফিদন, বৰৱালা, পানীপট, আদমপুৰ, হিছাৰ, গোহানা, গন্নৌৰ, ছিৱানী, মেহাম, শোনিপট, তোছাম, ৰোহটক, খাৰখোডা, ভীৱানী, চৰখী দাদ্ৰী, ঝজ্জ্জাৰ, লোহাৰু, ফাৰুখনগৰ, কোছালি, মহেন্দৰগড়, সোহানা, ৰেৱাৰী, পালৱাল, নৰনৌল, বাৱাল, নুহ, ঔৰংগাবাদ, হোডাল (হাৰিয়ানা) গংগোহ, দেওবন্দ, শমলী, মুজফ্ফৰনগৰ, কান্ধলা, খটৌলী, বৰাউত, দৌৰালা, বাগপত, মেৰুট, খেকৰা, মডিনগৰ, কিথোৰ, গড়মুখেশ্বৰ, পিলাখুৱা, হাপুৰ, গুলাওটি, ছিয়ানা, ছিকন্দ্ৰবাদ, বুলন্দশহাৰ, জাহাংগীৰাবাদ, খুৰজা, গভানা, জাতৰী (উ.প্ৰ.) সিদ্ধমুখ, পিলানি, ভীৱাৰী, ঝুনজুনু, তিজাৰা, খাইৰথাল, কোটপুতলী, আলৱাৰ, আৰু বিৰাটনগৰ (ৰাজস্থান)ত আগন্তুক ২ ঘণ্টাৰ ভিতৰত পাতলৰ পৰা মধ্যমীয়া প্ৰাৱল্যৰ বৰষুণ আৰু ঘণ্টাত ৪০ৰ পৰা ৭০ কিলোমিটাৰ বেগত ধুমুহা বতাহ অহাৰ সম্ভাৱনা আছে বুলি ভাৰতৰ বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰিছে ।

ইফালে বতৰ বিজ্ঞান বিভাগে আগন্তুক দুই-তিনি দিন ধৰি দিল্লীত বৰষুণ অহাৰ ভৱিষ্যদ্বাণী কৰিছে আৰু অহা ৩০ মে’লৈকে বিশেষ গৰম নাথাকিব বুলি উল্লেখ কৰিছে (Weather department prediction) ।

শুকুৰবাৰে আই এম ডিয়ে উল্লেক কৰে যে অহা জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ‘স্বাভাৱিকৰ তলত’ থাকিব । কিন্তু মধ্যপ্ৰদেশ, ৰাজস্থান, গুজৰাট, ওড়িশা, আৰু উত্তৰ ভাৰতৰ ৰাজ্যসমূহত স্বাভাৱিকতকৈ অধিক উষ্ণতা পৰিলক্ষিত হ’ব ।

সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা বাৰ্তালাপত বতৰ বিজ্ঞান বিভাগৰ আৰ কে জেনামণীয়ে কয়, “জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৯২ শতাংশৰ তলত হ’ব, যিটো স্বাভাৱিকতকৈ কম । মধ্যপ্ৰদেশ, ৰাজস্থান, গুজৰাট, ওড়িশা আৰু উত্তৰ ভাৰতৰ দৰে ৰাজ্যত তাপমাত্ৰা অধিক হোৱাৰ সম্ভাৱনা আছে।”

আই এম ডিয়ে পূৰ্বতেই উল্লেখ কৰিছিল যে আগন্তুক ৪ জুনৰ পৰা কেৰালাত বাৰিষা অহাৰ সম্ভাৱনা আছে যদিও এই বছৰ ই স্বাভাৱিক হোৱাৰ সম্ভাৱনাই অধিক।

লগতে পঢ়ক : Water pipe bursting: খাৰঘুলিৰ জল বিস্ফোৰণৰ ঘটনাৰ সন্দৰ্ভত তিনিজনীয়া তদন্ত কমিটী গঠন