Local, Vocal, Global

AFSPA withdrawn from Assam: অসমৰ 28 খন জিলাৰ পৰা প্ৰত্যাহাৰ সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন

গুৱাহাটী, ২৭ মে’: অসমৰ ৩৬খন জিলাৰ ভিতৰত ২৮খন জিলাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে এক টুইটযোগে এই কথা সদৰী কৰিছে । অসমৰ আইন-শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ ২৮ খন জিলাৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন অৰ্থাৎ আফছপা প্ৰত্যাহাৰ কৰা হৈছে বুলি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰিছে (AFSPA withdrawn from Assam) ।

এটা টুইটত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰে যে, ”মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধান (Supervision of Chief Minister Himanta Biswa Sarma)ত আৰু অসমৰ ৰাইজৰ সহযোগ (Support of people of Assam)ত অসম আৰক্ষীয়ে স্বচ্ছ আৰু দক্ষ কৰ্মসংস্থাপনৰ লগতে উন্নত প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ ব্যৱস্থা কৰিবলৈ সক্ষম হৈছে । এনে ব্যৱস্থাৰ জৰিয়তে আমি অসমৰ ৩৬খন জিলাৰ ভিতৰত ২৮খন জিলাৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) প্ৰত্যাহাৰ কৰিবলৈ সক্ষম হৈছো (Armed Forces Special Powers Act) । আইন-শৃংখলাৰ পৰিস্থিতি উন্নত হোৱাৰ লগে লগে ৰাজ্যত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CAPF)ৰ মোতায়নও কমি আহিছে । কেইবছৰমান পূৰ্বলৈকে ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চিএপিএফৰ ২১০ টা বেটেলিয়েন নিয়োজিত হৈছিল যদিও এতিয়া এই বেটেলিয়েনৰ সংখ্যা ৭৩ লৈ হ্ৰাস পাইছে। এতিয়া আমি এনে পদক্ষেপ লৈছো যাতে পিছলৈ ঘূৰি চোৱাৰ প্ৰয়োজন নহয় ” (DGP tweet on AFSPA)।

অসমৰ সীমান্তৱৰ্তী জিলাসমূহত আফছপা বলবৎ কৰা হৈছিল । শেহতীয়াকৈ বহুকেইটা উগ্ৰপন্থী সংগঠনে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি অহাৰ পিছত এই আইনখনৰ প্ৰয়োজনীয়তা কমি আহিছে । অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক সামৰি লোৱা অঞ্চলসমূহৰ ক্ষেত্ৰত “অশান্ত এলেকা”ৰ মৰ্যাদা প্ৰযোজ্য হ’ব । ১৯৮৩ চনৰ ১০ এপ্ৰিলত অসমত প্ৰথমবাৰৰ বাবে AFSPA বলবৎ কৰা হৈছিল । সেই সময়ত গোৱালপাৰা জিলাত সংঘটিত বিভিন্ন হিংসাত্মক কাৰ্যত মুঠ ১৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল । তাৰ পিছতে গোৱালপাৰাকে ধৰি ৮৩ খন থানাৰ অন্তৰ্গত ১০ খন জিলাত এই আইন বলবৎ কৰা হৈছিল ।

উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২২ মে’ত আয়োজিত এখন সংবাদমেলত উল্লেখ কৰিছিল যে, বৰ্তমান অসমত শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছে আৰু এই বছৰৰ শেষৰফালে অসমৰ পৰা এই আইনখন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ’ব (Assam CM on AFSPA withdrawn) ।

লগতে পঢ়ক: Assam CM on AFSPA: অসমৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ হ’ব AFSPA